Daily Horoscope for 13th March : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব । আজি আপোনাৰ হৃদয়ৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে। আপুনি সেই যোজনা সমূহত বিনিয়োগ কৰাৰ আগত দুই বাৰ চিন্তা কৰক ,যিবোৰ আজি আপুনি দেখিছে। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাৱি আছে তেন্তে আৱশ্যক হব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভাল কৈ জানি বুজি লওক। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ’ব ,কিন্তু আৱশ্যকীয় চিনাকি হবৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হব। জীৱন সংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে।
বৃষ ৰাশি : আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হব পাৰে। আপোনাৰ জীৱন সংগীৰ উপলব্ধিক প্ৰশংসা কৰক আৰু তাৰ সফলতা আৰু ভাগ্যৰ পূৰ্ণ উৎসৱ পালন কৰাওক । উদাৰ হওক আৰু সৎ হওক। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে।
মিথুন ৰাশি : আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। দূৰণিবটীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে । আপোনাৰ সন্তান আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। মনত ৰাখিব যে অকল মৰমেহে মৰম আনিব পাৰে। সাৱধানে থাকক , কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে । আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকতো বেয়া লাগিবই লগতে আপোনাকো বেয়া লাগিব।
কৰ্কট ৰাশি : নিজৰ কামৰ বাবে বেলগৰ ওপৰত হেঁচা নিদিব। আজি আপোনাৰ সুখ অনুভৱ হব। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হব পাৰে। যি সকল ব্যক্তি আপোনাৰ সফলতাৰ আগত আহি আছিল সিহঁত আজি আপোনাৰ সন্মুখতে তললৈ যাব পাৰে। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে ,যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে ।
সিংহ ৰাশি : শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। শাৰীৰিক ভাৱে বহুত কষ্ট হব পাৰে । পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। বহুত দিনৰ পৰা পৰি থকা বিষয় এটা আৰু নতুনকৈ হোৱা খৰচে আপোনাৰ মন আৰু মগজুত অনবৰতে আৱৰি থাকিব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব।
কন্যা ৰাশি : আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। এনেকুৱা বন্ধুৰ কাষত যাওক ,যাক আপোনাৰ প্ৰয়োজন আছে। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। কিছুমান ব্য্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব।
তুলা ৰাশি : আজি আপুনি জটিল পৰিস্থিতিৰ সন্মুখীন হব লগা হব পাৰে । জটিল সময়ত আত্মীয় কামত আহিব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে । আজি আপোনাৰ জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হব পাৰে।
বৃশ্চিক ৰাশি : উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব আৰু আপুনি অধিক ধাৰ্মিক ভাৱে থাকিব পাৰিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। আজি আপুনি নিজৰ জীৱন সংংগীৰ লগত বহুত ঘনিষ্ঠ কথা বতৰাৰ আদান প্ৰদান কৰিব।
ধনু ৰাশি : জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত আপুনি সাহসিকতা আৰু শক্তি দেখুওৱাৰ প্ৰয়োজন আছে। ধনাত্মক চিন্তা ধাৰাৰ জৰিয়তে আপুনি এই বাধাসমূহ পাৰ কৰিব পাৰিব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সঁচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব।
মকৰ ৰাশি : আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে।
কুম্ভ ৰাশি : কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ’ব। অন্যৰ সন্মুখত আদৰ্শ স্থাপিত কৰিবলৈ নিজকে ভাল কৰাৰ চেষ্টা অবিৰত ৰাখক। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে, আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। আপুনি নিজৰ জীৱন সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব।
মীন ৰাশি : আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব কিন্তু কামৰ বোজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হব পাৰে সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হব। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। প্ৰিয়জনৰ স্বাস্থ্য বেয়া হোৱা বাবে আপোনালোকৰ প্ৰেম সম্বন্ধত অশান্তি আহি পৰিব।