Local, Vocal, Global

Daily Horoscope for 12th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপোনাৰ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে ৷ চৰকাৰৰ ফালৰ পৰা আপুনি পোৱা কামত বিশেষ সুবিধা লাভ কৰিব ৷ দৰকাৰী সিদ্ধান্ত গ্ৰহণৰ সময়ত লৰালৰি নকৰিব ৷ মাতৃৰ শৰীৰ ভালে যাব ৷

বৃষ ৰাশি: ব্যৱসায়ৰ বাবে সুন্দৰ দিন ৷ চাকৰিয়ালসকলৰ বাবে উন্নতিৰ দিন ৷ বিদেশ ভ্ৰমণৰ যোগ আছে ৷ তীৰ্থ ভ্ৰমণ কৰিব পাৰে ৷ আপোনাৰ হাতলৈ বহুতো কাম আহিব, সাজু হওক ৷

মিথুন ৰাশি: আপুনি মানসিকভাৱে আৰু শাৰিৰীকভাৱে অসুস্থ অনুভব কৰিব ৷ খঙৰ পৰা মুক্ত থাকক ৷ খৰছৰ মাত্ৰা বাঢ়িব ৷ যোগ আৰু ধ্যানৰ যোগেদি মনক শান্ত কৰিব ৷

কৰ্কট ৰাশি: পৰিয়ালৰ লগত আৰু বন্ধুৰ লগত আনন্দপূৰ্ণ মূহুৰ্ত পাৰ কৰিব ৷ ধনাগমনৰ দিশ মুকলি হ’ব ৷ ব্যবসায়ীসকলৰ বাবে এই দিনটোৱে সম্ভাৱনা কঢ়িয়াই আনিব, আপোনাৰ সহকৰ্মীসকলে আপোনাক সহায় কৰিব ৷

সিংহ ৰাশি: গ্ৰহৰ প্ৰভাৱত আজি আপুনি অলপ অসুবিধাৰে ভৰা দিন পাৰ কৰিব লাগিব ৷ আপোনাক চিন্তা, উদ্বেগ আৰু খঙে চাৰিওফালৰ পৰা আগুৰি ৰাখিব ৷ বচৰ চকু আপোনাৰ ওপৰত পৰিব, সেয়ে তেওঁক সন্তুষ্ট ৰখাৰ চেষ্টা কৰক ৷ সহকৰ্মীসকলৰ বৰ সহায় নাপাব ৷ মুঠতে আজিৰ দিনটো গতানুগতিক হ’ব ৷

কন্যা ৰাশি: ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি কষ্টকৰ দিন ৷ আপোনাৰ মনোযোগ ব্যাঘাত হ’ব, গতিকে আপোনাৰ চিন্তাবোৰ একাষৰীয়া কৰক ৷

তুলা ৰাশি: আপোনাৰ বাবে শান্ত থকা টান হৈ পৰিব ৷ সম্পত্তিৰ ক্ষেত্ৰত ল’ব লগা নিৰ্ণয়ৰ বিষয়ত সাৱধান হওক ৷ ভ্ৰমণ বাতিল কৰক ৷ ঘৰুৱা পৰিবেশ কিছু বিপদজনক হ’ব ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থাকক ৷

বৃশ্চিক ৰাশি: ভাগ্য আজি আপোনাৰ প্ৰতি সুপ্ৰসন্ন হ’ব ৷ ধনাগমনৰ দিশ শুভ ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে এটা সুন্দৰ দিন ৷

ধনু ৰাশি: কাম সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক ৷ ঘৰুৱা পৰিবেশ সুবিধাজনক নহ’ব ৷ শান্ত হ’বলৈ চেষ্টা কৰক, কাৰণ আপোনাৰ খঙে অসুবিধাত পেলাব ৷ ৰৈ যোৱ কাম সম্পূৰ্ণ কৰাত অসুবিধা হ’ব।

মকৰ ৰাশি: আজিৰ দিনটো আধ্যাত্মিক আৰু ধৰ্মীয় ক্ৰিয়াকলাপত পাৰ হৈ যাব ।আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব পাৰে । পদোন্নতি হ’ব পাৰে । বন্ধু আৰু আত্মীয়ৰ সৈতে সাক্ষাৎ আনন্দদায়ক হ’ব।

কুম্ভ ৰাশি: আপুনি আজি শাৰিৰীক আৰু মানসিকভাৱে অসুস্থ অনুভব কৰিব ৷ পৰিয়ালৰ লগত কাজিয়াৰ সূত্ৰপাত হ’ব আৰু তাৰ ফলত আপুনি চিন্তাত পৰিব ৷ আপোনাৰ খং, কথা আৰু খৰছৰ ওপৰত চকু ৰাখক আৰু অসম্পূৰ্ণ কাৰ্য সমাপ্ত কৰাত গুৰুত্ব দিয়ক।

মীন ৰাশি: আপোনাৰ বাবে সামাজিক কাম আনন্দৰ বিষয় নহয়, কিন্তু আজি আপুনি সামাজিক কামত জড়িত হৈ পৰিব ৷ আপুনি বন্ধু, ভাই-ভগ্নী আৰু সম্পৰ্কীয় লোকৰ লগত সম্পৰ্ক ৰক্ষা কৰিব পাৰিব ৷ তেওঁলোকৰ লগত ভ্ৰমণ কৰি আনন্দ লাভ কৰিব পাৰিব ৷ পত্নী আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ কৰিব পাৰিব ৷