Daily Horoscope for 12th March : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি : আপোনাৰ অতি সোনকালে দীৰ্ঘ দিনৰ পৰা চলি অহা বেমাৰ ভাল হ’ব আৰু সম্পুৰ্ণ ৰূপে সুস্থ হ’ব পাৰে। আজি আপোনাৰ সমস্যা বাঢ়ি যাব পাৰে। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহব । আজি ঘৰত কিবা সৰু কথালৈ কাজিয়া হব পাৰে এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰন ৰাখিব।
বৃষ ৰাশি : আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি হল আপোনাৰ বেলেগক হহুৱাই ৰাখিব পৰা দক্ষতা । দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ পাৰিবাৰিক ভাৱনা সমূহক বুজিব চেষ্টা কৰক। কোনো এটা বস্তু হোৱাৰ বাবে ৰখি নাথাকিব ,নিজে বাহিৰত ওলাই যাওক আৰু সুযোগৰ সন্ধান কৰক।
মিথুন ৰাশি : আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক’ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।
কৰ্কট ৰাশি : বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তু সমূহে ক্ৰয় কৰক। সুখ আৰু আনন্দৰ বাবে নতুন সম্বন্ধৰ অপেক্ষা কৰক। কিছুমান ব্য্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব। যাত্ৰা আপোনাৰ বাবে বহুত আনন্দদায়ক আৰু লাভদায়ক বুলি প্ৰমাণিত হব। আপোনাৰ জীৱন সংগী আজি বহুত ৰোমাণ্টিক মন -মেজাজত থাকিব।
সিংহ ৰাশি : কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হব। বন্ধুৰ লগত সন্ধিয়া অতিবাহিত কৰা সময় খিনি বহুত আনন্দ আৰু হাঁহিৰে ভৰপুৰ হব। আপোনাৰ ভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱন সংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে।
কন্যা ৰাশি : আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টীত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিকপক্ষ শক্তিশালী থাকিব। এনেকুৱা বন্ধুৰ লগত বাহিৰত যাওক,যি ধনাত্মক আৰু সহায়কাৰী স্বভাৱৰ হব। কাম -কাজৰ দিশত আপুনি কৰা পৰিশ্ৰম আজি সফল হব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হব।
তুলা ৰাশি : আজি আপোনাাৰ স্বাস্থ্য ভালে থাকিব,যাৰ বাবে আপোনাৰ সফলতা আৰু সোনকালে হ’ব।যিকোনো ধুনীয় নতুন চিন্তা অথবা বিচাৰ আপোনাক আৰ্থিক ভাৱে লাভান্বিত কৰিব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব।। আপোনালোকৰ মাজৰ কিছুমান লোকে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হব পাৰে , যি বহুত ভাগৰ লগাই দিব পাৰে কিন্তু লগতে আপোনাৰ বাবে বহুত লাভদায়ক বুলিও প্ৰমাণিত হব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হব।
বৃশ্চিক ৰাশি : শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে । নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। পৰিয়ালৰ সদস্য সমূহ আপোনাক বহুত সহযোগ কৰিব , কিন্তু তাৰ ফলত সিহঁতৰ বহুত চৰ্ত হব পাৰে। আজি আপোনাৰ ধুনীয়া কাম বোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব।
ধনু ৰাশি : আজি আপুনি বিশ্ৰাম লোৱাটো জৰুৰী । নতুন গতিবিধি আৰু মনোৰঞ্জনৰ আপোনাৰ বাবে সহায়ক সিদ্ধ হব। সোনকালে ভৱা -চিন্তা নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব ,যদি আপুনি গুৰুত্বপূৰ্ণ কোণ সমূহ ভালকৈ চালি জাৰি নাচাই তেন্তে আপোনাৰ লোকচান হব পাৰে।কিবা নতুন কামৰ আভাস পাব হ’লে আপুনি সেইবিষয়ে অনুভৱী লোকৰ লগত কথা পাতি ল’ব লাগে। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰৰ অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব ।
মকৰ ৰাশি : আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হব পাৰে । অৱহেলা আৰু দায়িত্বহীনতাই আপোনাৰ স্বাস্থ্যৰ অৱস্থা বেছি বেয়া কৰিব পাৰে।
কুম্ভ ৰাশি : ধৈৰ্য বনাই ৰাখক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। বেংকৰ লগত জড়িত লেন দেন সমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱন সংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে।আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে।
মীন ৰাশি : আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। সোনকালে আপুনি নিজৰ জীৱন-সংগী লাভ কৰিব। সন্তোষজনক পৰিণাম পাবৰ বাবে কামক যোজনাবদ্ধ ভাৱে কৰিব চেষ্টা, অফিচত সমস্যা সমাধান কৰিবলৈ গ’লে মানসিক অশান্তিৰ সন্মূখীন হব পাৰে। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব।