Daily Horoscope for 11th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া ৷ আজিৰ দিনটো অত্যন্ত ভাল ৷
বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে গ্ৰহ আজি অনুকূল নহয় ৷আজি নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব ৷ নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক ৷ ভাই-ভনীৰ সৈতে সম্পৰ্ক স্বাভাৱিক থাকিব ৷
মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলে প্ৰিয়জন তথা বন্ধুৰ সৈতে হাঁহি-ফুৰ্তি কৰাৰ বাবে দিনটো ভাল ৷আৰ্থিক দিশতো আপুনি বিভিন্নভাৱে লাভবান হ’ব ৷ বন্ধু বা প্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে ৷
কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল আজি শান্ত হৈ থাকক ৷ আজিৰ গ্ৰহৰ অৱস্থানৰ ফলত আপুনি উদ্বিগ্ন আৰু অস্থিৰ হৈ থাকিব ৷ আৰ্থিক দিশত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে মধ্যমীয়া এটা দিন ৷ আজি পৰিস্থিতি আপোনাৰ অনুকূলত থাকিব ৷আজি প্ৰমোদভ্ৰমণৰ আয়োজন হ’ব পাৰে ৷ ব্যৱসায়ত ভালে ৷ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷
কন্যা ৰাশি: আজিৰ দিনটো কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সুফলদায়ক ৷ আজিৰ দিনটো আপোনাৰ জীৱিকাৰ বাবে অনুকূল আৰু অধিক উন্নতিৰ আশা কৰিব পাৰে ৷
তুলা ৰাশি: বৌদ্ধিক ক্ৰিয়াকলাপত তীব্ৰ আকাংক্ষা অনুভৱ কৰিব বাবে আজি আপুনি সাহিত্য ৰচনা আৰু চিত্ৰাংকনৰ দৰে সুকুমাৰ কলাৰ প্ৰতি আকৃষ্ট হ’ব ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে, পৰিকল্পনাক বাস্তৱায়িত কৰাৰ কাৰণে আজিৰ দিনটো ভাল ৷ কৰ্মক্ষেত্ৰত আপুনি কৰ্ম তৎপৰ হৈ থাকিব ৷
বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ প্ৰতি সদয় নহয় ৷ প্ৰত্যেক পদক্ষেপত আপুনি আজি সজাগ হৈ থাকিব লাগিব ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷
ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকল আজি ব্যৱসায়িক অংশীদাৰসকলৰ দ্বাৰা লাভবান হ’ব ৷ আজিৰ দিনটো আপোনাৰ আনন্দত পাৰ হ’ব৷ প্ৰচুৰ মনোৰঞ্জন আৰু আনন্দ-ফুৰ্তিৰ যোগ আছে ৷
মকৰ ৰাশি: আপোনাৰ আজিৰ দিনটো ছবিৰ দৰে৷ আমোলাতান্ত্ৰিক আৰু চৰকাৰী বিষয়াসকলে কিছু বাধা-বিপত্তিৰ সৃষ্টি কৰিলেও সেইবোৰ সহজতে পাৰ কৰি যাব পাৰিব ৷ স্বাস্থ্য ভালে থাকিব৷
কুম্ভ ৰাশি: গ্ৰহৰ অৱস্থানে আজি আপোনাক সমস্যাত পেলাব পাৰে ৷ নতুন প্ৰকল্পৰ কামত হাত নিদিব, ভ্ৰমণ এৰাই চলক ৷ আজি গোটেই দিনটো আপুনি উদ্বিগ্ন হৈ থাকিব ৷ অকস্মাত্ ব্যয়ৰ যোগ আছে ৷
মীন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বহুত সমস্যা লৈ অপেক্ষা কৰি আছে ৷ আপোনাৰ স্বাস্থ্য আৰু সম্পদৰ ক্ষতি হ’ব পাৰে, গতিকে আজিৰ দিনটো যিমান পাৰে শান্ত হৈ কটাবলৈ চেষ্টা কৰক ৷ সম্পত্তি আৰু বাহন সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক হ’ব লাগিব আপুনি ৷