Local, Vocal, Global

Daily Horoscope for 11th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ: আজি দিনটোৰ আপোনাৰ বাবে মধ্যমীয়া। আপোনাৰ মন শান্তিত থাকিব।আজি আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে।

বৃষ : আজি দিনটোৰ আপোনাৰ বাবে শুভ। ব্যৱসায়িক দিশত সুনাম বৃদ্ধি পাব। ৰাজনীতিত সুফল লাভৰ যোগ। পৰিয়ালত কোনো শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে ।

মিথুন : আজি আপুনি কোনো ভাল খবৰ লাভ কৰিব পাৰে । ভ্ৰমণৰ যোগ । কামত সাৱধানতা অৱলম্বন কৰিব।স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব।

কৰ্কট : কোনো কথা চিন্তা নকৰাকৈ নতুন কোনো কাম হাতত নল’ব। আয়ৰ নতুন উৎস লাভ কৰিব পাৰে।

সিংহ : আজি দিনটোত আপোনাৰ বাবে সৌভাগ্যই অপেক্ষা কৰি আছে। বিদ্যাত শুভ। শুভ সংবাদ লাভ কৰিব।

কন্যা : আজিৰ আপোনাৰ শৰীৰত দুৰ্বলতা থাকিব পাৰে। ব্যৱসায়ত ভাল হ’ব। কৰ্মস্থলীত শান্তি থাকিব।

তুলা :সাংসাৰিক দিশত আজিৰ দিনটো আপোনাৰ বাবে ভাল। আপোনাৰ আধ্যাত্মিক শক্তিয়ে আজিৰ দিনটো অনন্য কৰি তুলিব। আৰ্থিক লাভৰ যোগ আছে।

বৃশ্চিক :আজিৰ দিনটো এই ৰাশিৰ জাতক-জাতিকাৰ বাবে যথেষ্ট শুভ হ’ব। বিদ্যাত সুনাম বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম।

ধনু : আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে শান্তি অনুভৱ কৰিব। আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব।

মকৰ : আজি আপুনি সুখ আৰু সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

কুম্ভ : আজি আপোনাক আৱেগ আৰু দুশ্চিন্তাই কিছু আগুৰি থাকিব পাৰে। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব।

মীন :আজি আপোনাক আৱেগ আৰু দুশ্চিন্তাই কিছু আগুৰি থাকিব পাৰে। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব।