Local, Vocal, Global

Daily Horoscope for 10th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি:গ্ৰহৰ প্ৰভাৱত এটা শুভ দিন ৷ কৰ্মত নতুন উদ্দীপনা। সামাজিক কাম আৰু পৰোপকাৰি কামে আপোনাক আনন্দিত কৰি তুলিব ৷ অভিভাৱকৰ পৰা যথেষ্ট উপকৃত হ’ব ৷ সন্তানৰ সফলতাই আপোনাক উৎফুল্লিত কৰি তুলিব ৷

বৃষ ৰাশি: নতুন ব্যৱসায় আৰম্ভ হ’ব ৷ ব্যৱসায়ী আৰু চাকৰিয়াল সকলৰ বাবে ভাল দিন ৷ পদোন্নতিৰ যোগ ৷ পৰিকল্পনা নোহোৱাকৈ কামত লাগিলে বিপদৰ সম্ভাৱনা।

মিথুন ৰাশি: শুভ সময়,ভাল খবৰ আহিব ৷ বেমাৰে আপোনাক চিন্তাত পেলাব ৷ সন্তানৰ ওপৰত চকু ৰখা দৰকাৰ ৷ পৰিয়ালৰ সৈতে বিদেশ ভ্ৰনণৰ যোগ।

কৰ্কট ৰাশি: শান্ত থাকক ৷ আগৰ ভাল সময়ৰ কথা মনলৈ আনি এতিয়া আপোনাৰ ফাললৈ অহা বেয়া সময়ক আদৰণি জনাওক ৷ মানসিক অশান্তি আৰু ঘৰুৱা পৰিৱেশে আপোনাৰ হৃদয়ত গভীৰ চাপৰ সৃষ্টি কৰিব ৷ ধৈয্য ধৰক ৷

সিংহ ৰাশি: গ্ৰহৰ দশাত আজি সকলো ফালৰ পৰা খেলি-মেলিৰ সৃষ্টি হ’ব ৷ আপোনাৰ সহযোগীৰ বেয়া ব্যৱহাৰত আপুনি অসন্তুষ্ট হ’ব ৷ পুৰণি বন্ধু আৰু পৰিয়ালৰ বাবে মনোকষ্ট পাব।

কন্যা ৰাশি: গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব ৷ সমগ্ৰ দিন আপোনাৰ বাবে লাভজনক হ’ব ৷কৰ্মক্ষেত্ৰত ডাঙৰ সফলতা লাভ কৰিব।
শৰীৰ ভালে থাকিব, ধনৰ দিশত লাভজনক সময় আৰু সামাজিক জীৱনৰ বাধা আঁতৰিব ৷ কামত সকলোৰে সহযোগীতা লাভ কৰিব তথা ভাল খবৰে আপোনাৰ আনন্দ বৃদ্ধি কৰিব ৷

তুলা ৰাশি: আপুনি কৰা মন পচন্দৰ কামত সুন্দৰ ফল লাভ কৰিব ৷ বিদেশৰ পৰা পোৱা ভাল খবৰে আপোনাক উৎসাহ যোগাব ৷ আপোনাৰ সবল মানসিক শক্তিৰে আৰু ভালদৰে কামত মনোনিৱেশ কৰক ৷ আনৰ কথাত অধিক গুৰুত্ব দিলে বিপদত পৰিব পাৰে ৷

বৃশ্চিক ৰাশি: নতুন প্ৰণয়ত সোমাই পৰাৰ সম্ভাৱনা আছে।কিন্তু আৰ্থিক ক্ষেত্ৰত চাপ থাকিব পাৰে।

ধনু ৰাশি: ধৰ্মীয় বিষয়ে আপোনাক আকৰ্ষিত কৰিব ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা।

মকৰ ৰাশি: ধনৰ দিশত শুভ ৷ পঢ়া-শুনা কৰাসকলৰ বাবে বৰ ভাল সময় নহয়,শৰীৰ আপোনাৰ বাবে শুভ নহয় ৷ বিপৰীত চিন্তাৰ পৰা মনক আঁতৰাই ৰাখক।দীৰ্ঘদনৰ আশা পূৰণ হ’ব পাৰে।

কুম্ভ ৰাশি: আপোনাৰ ভাগ্যই আপোনালৈ সৌভাগ্য কঢ়িয়াই আনিব ৷আপোনাৰ ব্যৱসায়ৰ উন্নতিয়ে আপোনাক ধনলাভ দিব ৷বিবাহৰ যোগ দেখা যায় ৷খৰচ বৃদ্ধি,দূৰ ভ্ৰমনলৈ যোৱাৰ সম্ভাৱনা।

মীন ৰাশি: আইনী কামত সাৱধান হওক ৷ অদৰকাৰী আলোচনাৰ পৰা নিজক আঁতৰাই ৰাখক ৷ ঘৰৰ পৰা আৰু প্ৰিয়জনৰ পৰা আঁতৰত থকাই আপোনাক অশান্তি দিব আৰু আপোনাৰ মনোযোগ হানি হ’ব ৷ ধৰ্মীয় আৰু সামাজিক কামত খৰচ বৃদ্ধি হ’ব ৷