Local, Vocal, Global

Daily Horoscope for 10th july : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি ফলাফল – Mesh Rashi Prediction

অধিক খাদ্য গ্ৰহণৰ পৰা বাচক আৰু নিজৰ ওজনৰ ওপৰত ধ্যান দিয়ক। আজি কৰা আৰ্থিক নিৱেশ সমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। এনেকুৱা কাাম কৰক যিবোৰ কৰি আপুনি বহুত সুখ অনুভৱ কৰে, কিন্তু বেলেগৰ ভিতৰুৱা বিষয়ত হস্তক্ষেপ নকৰিব। আৰু অলপ চেষ্টা কৰক ,আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব কাৰণ আজি আপোনাৰ দিন। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক । আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিছিল। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে।
কেশৰ দিয়া হালধীয়া মিঠাই ,কেশৰী হালোৱা নিজেও খাওক আৰু দুখীয়াৰ মাজতো বিতৰণ কৰক ,এনে কৰিলে স্বাস্থ্য ভালে থাকিব।

বৃষ ৰাশি – Brish Rashi Prediction

আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হব পাৰে। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে ,প্ৰেমঅৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে তেন্তে আপুনি বহুত ভুল ভাৱি আছে। যদি আপুনি নিিজৰ বস্তুৰ যতন নকৰে তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰবণতা আছে। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব।
দুৰ্গা সপ্তশতি পাঠ কৰিলে পাৰিবাৰিক জীৱন সুখী হব।

মিথুন ৰাশি – Mithun Rashi Prediction

আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ লব পাৰে যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠ ই আৰ্থিক সহায় আগবঢ়াব পাৰে। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। আজিৰ দিনটো প্ৰেমৰ ৰংত ৰঙীন হব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হব পাৰে। নতুন যোজনা সমূহ আৰম্ভ কৰিবৰ বাবে আজি বহুত বঢ়িয়া দিন । আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিব লগীয়া দিন বোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব। প্ৰেমৰ সম্পৰ্কত অধিক মধুৰতা আনিবৰ বাবে মটীয়া ৰঙৰ কুকুৰক তান্দুৰী ৰুটি খুৱাওক।

কৰ্কট ৰাশি – Karkat Rashi Prediction

ভাগ্যৰ ওপৰত ভৰষা কৰি বহি নাথাকিব , আপোনাৰ স্বাস্থ্য আৰু জীৱন ভাল কাৰিবলৈ হ’লে আপুনি নিজে কষ্ট কৰিব লাগিব কাৰণ একো নকৰাকৈ বহি থাকিলে জীৱনত কোনো ধৰণৰ পৰিৱৰ্তন নাহিব। এতিয়া সময় আহি গৈছে যে আপুনি নিজৰ ওজন নিয়ন্ত্ৰণত আনক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মিত ব্য়ায়াম কৰক । জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক আপোনাৰ বন্ধুৰ জৰিয়তে আপুনি কিছুমান বিশেষ লোকৰ লগত পৰিচয় হব পাৰে ,যি আগলৈ গৈ আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হব পাৰে। সন্ধিয়াৰ সময় খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভ্ৰা হওক। কোনো এটা বস্তু হোৱাৰ বাবে ৰখি নাথাকিব ,নিজে বাহিৰত ওলাই যাওক আৰু সুযোগৰ সন্ধান কৰক। আজি অৱসৰ সময় এনেই বিনা কথাৰ তৰ্কত অপচয় হ’ব যাৰ বাবে দিনৰ শেষত আপুনি হতাশ হৈ যাব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।
যিকোনো ধাৰ্মিক স্থানত বগা-ক’লা তিল আৰু সাত প্ৰকাৰৰ শস্য দান কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব।

সিংহ ৰাশি – Singha Rashi Prediction

বন্ধুৰ লগত গধূলি সময় খিনি ভালকৈ অতিবাহিত হব কাৰণ ই আপোনাৰ আহিবলগা পুৱা নষ্ট কৰিব পাৰে। বিবাহিত দম্পতী সকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হব পাৰে। পাৰিবাৰিক সদস্যসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্য সমূহ পূৰণ কৰাত সহজ হ’ব। প্ৰেমৰ দিশেদি চাব গ’লে আজিৰ দিনটো অলপ কষ্টকৰ হব। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব। নিজৰ সময় আৰু উৰ্জা অন্যৰ সহায় কৰাত লগাওক ,কিন্তু এনেকুৱা বিষয় সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। অধিক খৰচ কৰাৰ বাবে জীৱন সংগীৰ লগত অলপ বিবাদ হব পাৰে।
পবিত্ৰ ধৰ্ম স্থানত পতাকা ৰ দান কৰিলে স্বাস্থ্য ৰ উন্নতি লাভৰ যোগ আছে।

কন্যা ৰাশি – Kanya Rashi Prediction

আজি আপোনাক কোনো সমস্যা আৰু মতভেদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ,যাৰ ফলত আপুনি আস্থিৰ অনুভৱ কৰিব। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহবও পাৰে। ঘনিষ্ঠ বন্ধু আৰু অংশীদাৰ বেয়া পাই আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ কৰোবাত যেন হেৰাই গৈছে আৰু নিৰ্ণয় লওতে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে।
ঘৰখন সুচাৰুৰূপে চলাবলৈ হলে ঘৰত কেতিয়াও আৱৰ্জনা জমা হব নিদিব ।

তুলা ৰাশি – Tula Rashi Prediction

আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভূগিব পাৰে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। যদি আপুনি এদিনৰ বাবে ছুটী লব বিচাৰে তেন্তে চিন্তা নকৰিব ! আপোনাৰ অনুপস্থিতিত সকলো কাম ভাল ভাৱে চলিব আৰু যদি হঠাত কিব অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। ঘৰত সিচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব আজি আপুনি পৰিকল্পনা কৰিব কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে।
আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ ৰঙা অথবা গেৰুৱা ৰঙৰ কুকুৰ পালক।

বৃশ্চিক ৰাশি – Brischik Rashi Prediction

মানসিক হেচা থকাৰ স্বত্তেও আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ ধন আপোনক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোতেই যাব ,ইয়াৰ মানে হল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল ! কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি ,কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কাম হে কৰক। জীৱন সংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হব পাৰে।ভগৱান গণেশৰ মন্দিৰত দৰ্শন কৰি তেখেতৰ আশীৰ্বাদ লৈ জীৱনৰ বাধাসমূহ দূৰ কৰক আৰু জীৱনত অগ্ৰগতি লাভ কৰক।

ধনু ৰাশি – Dhanu Rashi Prediction

শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক ,যি আপোনাৰ লগত আগৰে পৰা আছে। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হব। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। বৰিষ্ঠ সকলৰ সহযোগ আৰু প্ৰশংসা আপোনাৰ আত্ম বিশ্বাস আৰু উৎসাহক দুগুণ কৰি দিব। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে।
আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে গাই গৰুক গুৰ খুৱাওক।

মকৰ ৰাশি – Makar Rashi Prediction

আপোনাৰ বিচাৰ বিবেচনাক ব্যক্ত কৰাত অসহজবোধ নকৰিব।আত্ম বিশ্বাসক নোহোৱা ব্যক্তিত্বক কেতিয়াও নিজৰ ওপৰত নিয়ন্ত্ৰণ পাব নিদিব,কাৰণ ইয়াৰ বাবে আপোনাৰ সমস্যাবোৰ অধিক জটিল হে হ’ব,লগতে আপোনাৰ উন্নতিতো বাধাৰ সৃষ্টি হ’ব। আত্ম বিশ্বাসক পুনৰাই ঘুৰাই পাবৰ বাবে নিজৰ কথাসমূহ খুলি প্ৰকাশ কৰক আৰু সমস্যাসমূহৰ সন্মুখীন হাহিঁ মুখে কৰক। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। পাৰিবাৰিক তথা সাংসাৰিক দায়িত্বৰ বোজা বাঢ়িব ,যি আপোনাক অশান্তি দিব পাৰে। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। অফিচত প্ৰত্যেক বস্তু আজি ভাল লাগিব ,গোটেই দিন আপোনাৰ মন ভালে থাকিব। যদি আজি আপুনি যাত্ৰা অথবা ভ্ৰমণ কৰি আছে তেন্তে নিজৰ বস্তু-বাহানিৰ তদাৰক অথবা অতিৰিক্ত সুৰক্ষাৰ দিয়াৰ আৱশ্যকতা আছে। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে। পাৰিবাৰিক সুখ বৃদ্ধিৰ বাবে আপুনি ফুটা থকা কাঁহ ৰ মুদ্ৰা এটা পানীত প্ৰবাহিত কৰিব পাৰে।

কুম্ভ ৰাশি – Kumbh Rashi Prediction

সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আজি আপুুনি জীৱনত সচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব ,প্ৰত্যেক বস্তুই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমাণ্টিক জীৱনত পৰিৱৰ্তন আহিব। অংশীদাৰ ব্যৱসায়ে লাভত কৈ অধিক আপোনাক সমস্যা প্ৰদান কৰিব , কোনোবাই আপোনাৰ বেয়া দিশেদি লাভ উঠাব পাৰে আৰু তাৰ বাবে আপুনি নিজকে খঙ কৰিব পাৰে। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। জীৱন সংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা পৰিকল্পনা বাতিল হব পাৰে ,কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হয় ভালৰ বাবে হয়।
ঢাক গছৰ পাত খাদ্য তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰক , এনেও কৰিলে আপোনাৰ কৰ্ম জীৱন লাভজনক অৱস্থাত থাকিব।

মীন ৰাশি – Min Rashi Prediction

নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ’ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব অকল আপোনাৰ এক ভাল কামৰ সলনি। স্পষ্ট ভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰোতে ভয় নাখাব। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে ,যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব ।
আৰ্থিক অৱস্থা সবল ৰাখিবৰ বাবে সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন থাক্ক আৰু নিতৌ স্নান কৰক।

লগতে পঢ়ক : Rajya Sabha MP Sushmita Dev : ১০ জুলাইত শিলচৰ চহৰত অনশনত বহিব সাংসদ সুস্মিতা দেৱে