Local, Vocal, Global

Daily Horoscope for 10th January : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : কোনোবা বন্ধুৰ লগত আপোনাৰ অলপ বুজাবুজিত মনোমালিন্য হৈ অলপ সম্বন্ধ বেয়া হৈ যাব পাৰে। আজি আপোনাৰ আৰ্থিক লাভৰ সম্ভাৱনা আছে। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মূখীন হোৱাৰ বাবে তৈয়াৰ থাকক। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজত থকা বিবাদ সমাপ্ত হব পাৰে, এইবাবে বাদ-বিবাদ হোৱা সময়ত পূৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব।

বৃষ ৰাশি : আজি আপোনাৰ আত্ম-বিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহুৰ্ত লৈ আহিব। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ’লে জীৱনটোক উদযাপন কৰি সময়বোৰ অতিবাহিত কৰক। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব ।

মিথুন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । ধনাত্মক চিন্তা আৰু ধনাত্মক ভাৱনাই আপোনাৰ আজিৰ দিনৰ বাবে বহুত বেছি আৱশ্যকীয়। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব।

কৰ্কট ৰাশি : উৰ্জাৰ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুৱাওক। যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে সিহতঁৰ আজি অৰ্থ হানি হোৱাৰ সম্ভাৱনা আছে সেইবাবে আজিৰ দিনটো ভাৱি চিন্তি চলিব। দিনটোক অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। যাৰ বিয়া ঠিক হৈছে ,তেখেত নিজৰ প্ৰিয়জনৰ পৰা বহুত সুখ লাভ কৰিব। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হব ,কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা-দেউতাৰ অনুমতি নিশ্চয় লওক নহ’লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনা সমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়।

সিংহ ৰাশি : আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয় তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰা উচিত। আজি আপোনাৰ জীৱন সীমাহীন আনন্দ সমূহ উপভোগ কৰিব পাৰে। ব্যৱসাায়ত যিকোনো চল-চাতুৰীৰ পৰা বাচি থাকিবলৈ হলে আপুনি চকু -কাণ খুলি ৰাখক অৰ্থাত সাৱধানে থাকক। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে।

কন্যা ৰাশি : স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ’ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব ,কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ’ব। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে।

তুলা ৰাশি : আজি আপুনি স্বাস্থ্য সন্মত হৈ থাকিব আৰু আপুনি অধিক ধাৰ্মিক ভাৱে থাকিব পাৰিব। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয়। নতুন বস্তু সমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায় লওক। অফিচত উন্নতি প্ৰাপ্ত হব। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাতেই আপোনাৰ প্ৰতিযোগী স্বভাৱ আপোনাক জয়ী কৰাত মূল ভূমিকা গ্ৰহণ কৰিব। জীৱন লগৰীৰ লগত মৰম আৰু ভাল পোৱা কৰিব বাবে বহুত সময় পাব আপুনি ,কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে।

বৃশ্চিক ৰাশি : যিকোনো অপ্ৰয়োজনীয় কথাত সময় খৰচ নকৰিব , আনকি আপুনি এইটো ভাল কামত লগাব পাৰে। বিপদৰ সময়ত পৰিয়ালৰ পৰা আপুনি সহায় আৰু পৰামৰ্শ লাভ কৰিব। আপুনি অন্যক লক্ষ্য কৰি বহুত কিছু শিক্ষা আহৰণ কৰিব পাৰে,এয়া আপোনাৰ আত্ম-বিশ্বাসক শক্তিশালী কৰি তুলিবৰ বাবে বহুত প্ৰয়োজনীয়। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। যদি আপুনি কোনোবা পৰিস্থিতিৰ পৰা ভয় খাই পলাব বিচাৰিব তেন্তে সেই ভয় আপোনাৰ পিছত নিকৃষ্ট ভাৱে পৰি থাকিব। যদি আপুনি আৰু আপোনাৰ জীৱন সংগী খোৱা-বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

ধনু ৰাশি : ধ্যান আৰু যোগ আপোনাক শাৰীৰিক আৰু মানসিক ৰূপত শক্তিশালী কৰিব আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থকিব পাৰে । ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ লব পাৰে। যদি আপুনি প্ৰত্যেকৰে আশা-আকাংক্ষা পূৰণ কৰাত লাগি যায় অথবা চেষ্টা কৰে,তেন্তে আপুনি প্ৰত্যেক পদক্ষেপতে অকল অসফতাই দেখিব । আপোনাৰ প্ৰিয়জনৰ কথাৰ প্ৰতি আপুনি আৱশ্যকতকৈ অধিক সংবেদনশীল হব, নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা শিকক আৰু এনেকুৱা কাম কৰাৰ পৰা বিৰত থাকক যি আপোনাক অধিক বিপদত পেলাব পাৰে।

মকৰ ৰাশি : নিজৰ ধৈৰ্য নেহেৰুৱাব ,বিশেষকৈ বেয়া পৰিস্থিতিত জটিল পৰিস্থিত। দূৰণিবটীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। আপোনাাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱা বাবে আপুনি নিৰাশ হৈ পৰিব। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। অফিচত কিছু ধনাত্মক পৰিৱৰ্তন দেখিব পাব।

কুম্ভ ৰাশি : আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। আপুনি মা-দেউতাকক সুখ কৰাত আপুনি বহুত জটিলতা অনুভৱ কৰিব। সিহঁতক বুজিব চেষ্টা কৰিব আৰু সিহঁতৰ দৃষ্টি দি বস্তু বোৰ পৰীক্ষণ কৰিব চেষ্টা কৰক ,আপুনি ধনাত্মক পৰিণাম লাভ কৰিব , সিহঁতৰ আৱশ্যকীয় বস্তু হল কেৱল আপোনাৰ মৰম,স্নেহ আৰু সময় । আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। আপোনাৰ সহকৰ্মী আৰু তলতীয়া কৰ্মচাৰী আজি আপোনাক বহুত চিন্তাজনিত কাৰণ দিব পাৰে। ফুৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হব। আপুনি অনুভৱ কৰিব যে বৈবাহিক জীৱন সচাঁকৈয়ে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে।

মীন ৰাশি : স্বাস্থ্য ভালে থাকিব। আপোনাৰ ধন আপোনক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিব বাবে ভাল দিন । যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে।