Daily Horoscope for 10th August : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি: নতুন কাপোৰ আৰু গহনা ক্ৰয় কৰিব পাৰিব ৷ সামাজিকভাৱে সন্মান পাব ৷নতুন সম্পৰ্ক গঢ়ি তোলাৰ আগতে ভালদৰে চিন্তা কৰক ৷ খৰচ বেছি হ’ব ৷ ক্ষতিকাৰক লোকৰ পৰা সাৱধান হওক ৷ আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে ৷
বৃষ ৰাশি: ব্যৱসায়ৰ বাবে আজি এটা অতি শুভ দিন ৷ আয় বাঢ়িব ৷ পাৰিবাৰিক পৰিবেশ সুখ আৰু শান্তিৰ হৈ থাকিব ৷ দুপৰীয়া আপুনি মনোৰঞ্জনত ব্যস্ত থাকিব ৷ ক’ৰবাত ওলাই যাব পাৰে ৷ অংশীদাৰিত্বৰ কামত সাৱধানে কাম কৰক৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময়ক ভাল বুলি ক’ব পাৰি ৷
মিথুন ৰাশি: আজি মধ্যমীয়া ফলদায়ক দিন ৷ এতিয়া কোনো নতুন কাম আৰম্ভ নকৰিব ৷ আজি বৌদ্ধিক আলোচনাৰ বাবে শুভ দিন নহয় ৷ আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক আন্তৰিক হ’ব ৷শাৰীৰিক স্বাস্থ্যও উন্নত হ’ব ৷ কামত সফলতা পাব ৷
কৰ্কট ৰাশি: হতাশাৰ বাবে অলপ চিন্তিত হ’ব ৷ ইয়াৰ বাবেই আপুনি শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ কোনো কাম কৰিবলৈও মন নাযাব ৷ দুপৰীয়াৰ পিছত আপুনি সুখ আৰু শান্তি অনুভৱ কৰিব ৷ বন্ধু-বান্ধৱীৰ পৰা সমৰ্থন পাব ৷ আপুনি শাৰীৰিক সতেজতা অনুভৱ কৰিব ৷ আজি আপুনি কিবা এটা কথা বেছিকৈ ভাবিব ৷
সিংহ ৰাশি: আজি অলপ ভ্ৰমণ হ’ব পাৰে ৷ বহিঃৰাজ্যৰ পৰা কিছু ভাল খবৰ পাব ৷ আৰ্থিক লাভ হ’ব ৷ নতুন কামৰ বাবে সময় ভাল ৷ আপুনি হয়তো কিছুমান লাভজনক বিনিয়োগত আগ্ৰহ ল’ব পাৰে ৷
কন্যা ৰাশি: আজি কোনো নতুন কাম আৰম্ভ নকৰিব ৷ বেছিভাগ সময়তে মৌন হৈ থাকক, ইয়াৰ ফলত বিবাদৰ পৰা হাত সাৰিব ৷ দুপৰীয়াৰ পিছত ভাল সময় পাৰ কৰিব ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় মধ্যমীয়া ৷
তুলা ৰাশি: আজি আপুনি আপোনাৰ সৃষ্টিশীলতাৰে যিকোনো কঠিন কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ’ব ৷ আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব ৷ চিন্তাত দৃঢ়তা থাকিব ৷
বৃশ্চিক ৰাশি: আপোনাৰ আক্ৰমণাত্মক আৰু অনিয়ন্ত্ৰিত আচৰণে আপোনাক বিপদত পেলাব পাৰে ৷ বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ লগত কিছু বিবাদ হ’ব পাৰে, যত্ন লোৱা ৷ দুপৰীয়াৰ পিছত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সমস্যা হ’ব ৷
ধনু ৰাশি: ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে এক উপকাৰী দিন ৷ জীৱনত সুখৰ পৰিবেশ গঢ়ি উঠিব ৷ কৰ্মস্থলীত পদোন্নতি হ’ব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ’ব পাৰে ৷ আপোনাৰ পত্নীৰ সৈতে পুৰণি বিবাদৰ সমাধান হ’ব ৷
মকৰ ৰাশি: আজি বিবাহিত দম্পতীৰ বাবে সুখৰ দিন হ’ব ৷ প্ৰেম জীৱনতো আপোনাৰ বাবে সন্তুষ্টিৰে ভৰা হ’ব ৷ পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ পৰিবেশ ৷ চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ৰ বাবে অনুকূল সময় ৷ আপোনাৰ চাকৰিত সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব ৷
কুম্ভ ৰাশি: আজি আপুনি বৌদ্ধিক কাম, নতুন সৃষ্টি আৰু সাহিত্যিক কাৰ্যকলাপত নিমগ্ন হ’ব ৷ আজিয়েই নতুন কাম আৰম্ভ কৰিব পাৰিব ৷ কিছু ধৰ্মীয় যাত্ৰা আয়োজন কৰা হ’ব পাৰে ৷ ব্যৱসায়ত লাভৰ সুযোগ থাকিব ৷ নিয়োজিত লোকসকলে সাৱধানে আগবাঢ়িব লাগিব ৷ ভাল অৱস্থাত থাকিব লাগে ৷
মীন ৰাশি: আজি আপোনাক বাক্য নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ কৰ্মক্ষেত্ৰত কাৰোবাৰ লগত বিবাদ হ’ব পাৰে ৷ এনে পৰিস্থিতিত বেছিভাগ সময়তে মৌন হৈ থাকি কেৱল নিজৰ কামত মনোনিৱেশ কৰিব লাগিব ৷ গোপন শত্ৰুৰ পৰা সাৱধান হ’ব লাগে ৷ ভাল অৱস্থাত থাকিব লাগে ৷