Local, Vocal, Global

Daily Horoscope for 10th August : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: ব্যৱসায়ীৰ বাবে এটা লাভজনক দিন ৷ সহায়কসকলৰ পৰা সহায় লাভ কৰিব পাৰে ৷ সামাজিক ক্ষেত্ৰত নাম আৰু যশ লাভ কৰিব ৷ প্ৰিয়জনৰ সৈতে সম্পৰ্ক উন্নত হ’ব ৷ পতি-পত্নীৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব ৷

বৃষ ৰাশি: বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক ৷ দিনটো শিক্ষাৰ্থীৰ বাবে কিছু কঠিন হ’ব যেন অনুমান হয় ৷ মনত চিন্তাই বিৰাজ কৰিব ৷ কামে প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে ৷ সংগীৰ পৰা ভাল খবৰ লাভ কৰিব ৷

মিথুন ৰাশি: শক্তিহীন যেন অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ কোনো সদস্যৰ লগত বিবাদত লিপ্ত হোৱাৰ সম্ভাৱনা আছে ৷ অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে ৷ বৌদ্ধিক চৰ্চাৰ পৰা দূৰত থাকক ৷

কৰ্কট ৰাশি: চিন্তা নকৰাকৈ কোনো কাম নকৰিব ৷ প্ৰিয়জনক লগ পাই আনন্দিত হ’ব ৷ দুয়োজনৰ মাজত থকা প্ৰেমে দুয়োকে সুখী কৰি ৰাখিব ৷ দুপৰীয়াৰ পিছত পৰিস্থিতি অলপ কঠিন হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন লওক ৷ আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷

সিংহ ৰাশি: বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব ৷ পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ’ব পাৰে ৷ আজি আৰ্থিক লাভ হ’ব পাৰে ৷ দুপৰীয়া পিছত, প্ৰতিটো পদক্ষেপ ভাবি চিন্তি ল’ব৷আধ্যাত্মিক ক্ষেত্ৰত অৰ্জন কৰাৰ সম্ভাৱনা আছে ৷

কন্যা ৰাশি: নিজৰ কথাৰ পৰা উপকৃত হ’ব পাৰে ৷ সকলোৰে সৈতে সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা ৷ যাত্ৰাৰ পৰা আনন্দিত হ’ব ৷ ব্যৱসায়িক ক্ষেত্ৰটো লাভান্বিত হ’ব পাৰে ৷ পৰিয়ালৰ পৰিবেশ উত্‍সাহজনক হ’ব ৷ আৰ্থিক লাভ ৷

তুলা ৰাশি: ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ৷ কথা কওতে সাৱধান হওক ৷ আইনী কামত সিদ্ধান্ত লওতে সৰ্তক হৈ থাকক ৷ ব্যয় বৃদ্ধি হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: জীৱনসংগী বাচনি কৰাৰ বাবে অতি শুভ দিন ৷ আয় বৃদ্ধি পাব পাৰে আৰু ব্যৱসায়ৰ বিকাশ হ’ব পাৰে ৷ বন্ধুবৰ্গৰ লগত প্ৰমোদ ভ্ৰমণত আনন্দ লাভ কৰিব ৷কাৰো প্ৰতি আগ্ৰাসী হোৱাৰ পৰা বিৰত থাকক ৷ বন্ধুবৰ্গৰ লগত হোৱা বিবাদৰ বাবে, মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে ৷

ধনু ৰাশি: পৰিকল্পনাসমূহ কাৰ্যকৰীভাৱে সম্পন্ন কৰিব পাৰিব ৷ ব্যৱসায়ত সফলতা লাভ ৷ কৰ্মস্থলীৰ পৰিৱেশ সুবিধাজনক হ’ব ৷ কঠোৰ পৰিশ্ৰম অনুসৰি পদোন্নতি লাভ কৰিব ৷ পৰিয়াল-পৰিজন সুখী হ’ব ৷ বন্ধুবৰ্গক লগ কৰি আনন্দ লাভ কৰিব ৷

মকৰ ৰাশি: বিদেশ ভ্ৰমণৰ ইচ্ছুকসকলে ভাল খবৰ লাভ কৰিব ৷ ধৰ্মীয় যাত্ৰাৰ মাজেৰে আপুনি ঐশ্বৰিক আনন্দ লাভ কৰিব ৷ আৰ্থিক লাভৰ লগতে, সন্মানো বৃদ্ধি পাব ৷ পিতৃৰ দ্বাৰা উপকৃত হ’ব ৷ পৰিয়ালত বিবাদ বা কাজিয়া হ’ব পাৰে ৷

কুম্ভ ৰাশি: কোনো নতুন কাম আৰম্ভ নকৰিব ৷ সুস্থ হৈ থাকিবৰ বাবে খাদ্য তালিকাৰ প্ৰতি লক্ষ্য ৰাখক ৷ কথা কওতে সাৱধান হওক ৷ স্বাস্থ্যও উন্নত হ’ব ৷

মীন ৰাশি: অংশীদাৰিক ব্যৱসায়ৰ পৰা লাভান্বিত হ’ব পাৰে ৷ প্ৰিয়জনৰ লগত কোনো দৰ্শনীয় স্থানত ভ্ৰমণ কৰিবৰ বাবে মন মেলিব পাৰে ৷ আজি কোনো নতুন কাম আৰম্ভ নকৰিব ৷ যাত্ৰা এৰাই চলক ৷ ক্ৰোধ নিয়ন্ত্ৰণ কৰক ৷