২০২০ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ

নিউজ ডেস্ক : মঙলবাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে নিশ্চিত ঘোষণা কৰিলে ২০২০ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা প্ৰাপকৰ নাম।
বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক প্ৰদান কৰিব দাদাচাহেব ফালকে বঁটা।
দাদাচাহেব ফাল্কে বঁটা হৈছে চিনেমাৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটা। প্ৰতি বছৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয়ৰ দ্বাৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰদান কৰা হয়।