সাধাৰণ জনতাৰ ওপৰত মাধমাৰ! পুনৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য

নিউজ ডেস্ক, ৭ মে’- বাণিজ্যিক চিলিণ্ডাৰৰ পিছতে পুনৰ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত দাম বৃদ্ধি পালে ৫০টকাকৈ। শনিবাৰৰে পৰা সমগ্ৰ দেশত এই নতুন নিৰিখ প্ৰযোজ্য হৈছে। এতিয়া প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হলগৈ ১০৪৮টকা।
সাধাৰণ জনতাক মাধমাৰ দি ১৪.২ কেজি ওজনৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰে।
যাৰ ফলত ৰাজধানী দিল্লীত এতিয়া চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাই হৈছেগৈ ৯৯৯.৫০ হব।
আনহাতে গুৱাহাটীত ইয়াৰ প্ৰাৰম্ভিক মূল্য আছিল ৯৯৮.৫০ টকা। এতিয়া মূল্য বৃদ্ধিৰ ফলত ১০৪৮.৫ টকা হব।
ঠাই ভেদে ইয়াৰ মূল্যৰ তাৰতম্য থাকিব। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে নতুন মূল্য।