ছিপাঝাৰত চিলিণ্ডাৰ বিষ্ফোৰণ- ধংসস্তুপত পৰিণত কেইবাটাও ঘৰ
নিউজ ডেস্ক,৭ মাৰ্চঃ দৰং জিলাৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত দুমুনিচকীৰ মাৰুৱাচকীত দেওবাৰে সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত এই অগ্নিকাণ্ডত ধংসস্তুপত পৰিণত হয় কেইবাটাও ঘৰ। চিলিণ্ডাৰ বিষ্ফোৰণৰ ফলত মাৰুৱাচকীৰ ট্ৰাক চালক মহীম আলীৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হৈছে। অৱশ্যে কোনো লোক আঘাটপ্ৰাপ্ত হোৱা নাই এই অগ্নিকাণ্ডত। কিন্তু কেইবালাখ টকাৰ সম্পত্তি ভষ্মীভূত হয়।
ইফালে বিপদগ্ৰস্ত পৰিয়ালটোৰ কাষত থিয় হৈছে স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী। ইয়াৰোপৰি ভুক্তভোগী পৰিয়ালটোক বিশেষভাৱে সহায় কৰাৰ আশ্বাস দিয়ে স্থানীয় বিধায়ক গৰাকীয়ে।