Cyclone Remal triggers rain, leading to quarry collapse : মিজোৰামত শিলৰ কুৱেৰী খহি নিহত ১০জন;সন্ধানহীন কেইবাজনো
নিউজ ডেস্ক,২৮মে’ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণৰ তাণ্ডৱ ৷ সোমবাৰৰ নিশাৰে পৰা ৰেমালৰ প্ৰভাৱ উত্তৰ-পূৰ্বাঞ্চলত ৷ সোমবাৰে নিশাৰে পৰা অহা প্ৰবল বৃষ্টি আৰু বতাহৰ বাবে বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন হয় ৷ধুমুহাত বাগৰি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ(Cyclone Remal triggers rain, leading to quarry collapse in Mizoram) ৷
সোমবাৰে নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ মাজতে মঙলবাৰে পুৱা মিজোৰামৰ আইজল জিলাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ।
মিজোৰামৰ আইজলত এটা শিলৰ কুৱেৰী খহি নিহত ১০জন লোকৰ ইয়াৰ উপৰি সন্ধানহীন হয় আন কেইবাজনো লোক ।
জানিব পৰা মতে, এই ভয়ংকৰ ঘটনাটো মঙলবাৰে পুৱা প্ৰায় ৬ বজাত আইজল চহৰৰ দক্ষিণ প্ৰান্তৰ মেল্থুম আৰু হ্লিমেনৰ মাজৰ এটা এলেকাত সংঘটিত হয় । বৰ্তমানলৈকে এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত ১০জনকো লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। আনহাতে, আন কেইবাজনো লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে বুলি আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) অনিল শুক্লাই পিটিআইক জনায়(Cyclone Remal triggers rain, leading to quarry collapse) ৷
আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই জনোৱা অনুসৰি, “বৰ্তমানলৈ চলি আছে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ অভিযান । অৱশ্যে ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত প্ৰভাৱ পৰিছে।” আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি নিহতসকলৰ ভিতৰত ৭ জন স্থানীয় লোক আছিল । আনহাতে, তিনিজন বহিঃৰাজ্যৰ বুলি আন এগৰাকী আৰক্ষী বিষয়াই কয়(10 dead, several trapped as stone quarry collapses in Mizoram amid heavy rain)।”
লগতে পঢ়ক : Cyclone Remal : ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ মায়ঙতো অব্যাহত আছে ঘূৰ্ণী বতাহৰ তাণ্ডৱ