Cyclone Remal lumding : লামডিঙত প্ৰচণ্ড ধুমুহা-বৰষুণৰ মাজতে ভয়ংকৰ ঘটনা

নিউজ ডেস্ক,২৮মে’ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ!ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰেমলৰ প্ৰভাৱ৷ নিশাৰে পৰা অহা প্ৰবল বৃষ্টি আৰু বতাহৰ বাবে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন হয় ৷ধুমুহাত বাগৰি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ(Cyclone Remal lumding) ৷
এই ঘূৰ্ণিবতাহৰ প্ৰভাৱৰ পৰা ৰক্ষা পোৱা নাই লামডিঙো । নিশাৰে পৰা লামডিঙৰ বিভিন্ন অঞ্চলত বতাহ, বৰষুণে বিস্তৰ ক্ষতি কৰিছে।
লামডিঙত তীব্ৰ বতাহৰ ফলত লামডিঙৰ হৰুলংফাৰ ৰে’লৱে ব্ৰীজৰ ওপৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনাৰ। শীতলা পূজাৰ এখন প্ৰকাণ্ড বাঁহৰ গেট ভাঙি পৰিল এখন বাহনৰ ওপৰত। ফলত বহু সময়ৰ বাবে সম্পূৰ্ণৰূপে বন্ধ পৰিল হৰুলংফাৰ অঞ্চলৰ যাতায়ত ব্যৱস্থা। অৱশ্যে বৰ্তমান এই পথ মুকলিৰ বাবে কাম আৰম্ভ কৰিছে স্থানীয় প্ৰশাসনে।