WATCH | Cyber criminal arrested: অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল
হাটশিঙিমাৰী,৩মাৰ্চ : এইবাৰ চাইবাৰ অপৰাধীৰ জাল দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন কৈ চাইবাৰ অপৰাধীক ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ তত্বাৱধানত জিলাখনৰ উপ আৰক্ষী অধীক্ষক, উপ পৰিদৰ্শক ঈশান জ্যোতি শইকীয়া আৰু খাৰুৱাবান্ধা আৰক্ষীৰ সহযোগত ফকিৰগঞ্জৰ পৰা তিনিজনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধী কেইটা আশাদুল ইছলাম (২৫) , হাশানুৰ জামান (২৮) আৰু কোবাদ আলী মোল্লা (২৮) বুলি চিনাক্ত কৰা হৈছে(Cyber criminal arrested)।
হেকমত আলী নামৰ আন এজন চাইবাৰ অপৰাধীয়ে পলায়ন কৰে যদিও আৰক্ষীয়ে কম সময়ৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিব বুলি জানিব পৰা গৈছে।
এই চাইবাৰ অপৰাধী কেইজনে ১০ ৰ পৰা ২০ কোটি টকাৰ কেলেংকাৰী সংগঠিত কৰিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। বিভিন্ন ধৰণৰ বিদেশী এপৰ জৰিয়তে দীৰ্ঘ দিনৰ পৰাই এই বৃহৎ কেলেংকাৰী সংগঠিত কৰাৰ অভিযোগ পোহৰ লৈ আহিছে।ইফালে আৰক্ষীয়ে তিনিজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা লেপটপ, ৮ টাকৈ মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক :WATCH | Jakir Hussain Sikdar : ‘ভাৰতবৰ্ষ স্বাধীন কৰিছিল কংগ্ৰেছে’