Cyber criminal arrested:অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল
নিউজ ডেস্ক,১৪ডিচেম্বৰ : অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল।ৰাজ্যত সক্ৰিয়া হৈ আছে চাইবাৰ অপৰাধী। ৰাজ্যত চলিছে চাইবাৰ অপৰাধীৰ দপদপনি ৷ চাইবাৰ অপৰাধীৰ ঘাটিলৈ পৰিণত হ’বলৈ ধৰিছে মধ্য অসম(Cyber criminal arrested)৷
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সজাগ হৈছে অসম আৰক্ষী । বিভিন্ন সময়ত অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ ঘাটি উৎখাত কৰি আহিছে । মধ্য অসমৰ চাইবাৰ অপৰাধীৰ ঘাটিত অসম আৰক্ষীৰ অভিযান ৷
নগাঁৱৰ জুৰীয়াৰ দুই চাইবাৰ অপৰাধীৰ সহযোগত নগাঁৱ আৰক্ষীৰ জালত পৰিল চাইবাৰ অপৰাধী চক্ৰ।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন লোকৰ একাউণ্টৰ পৰা ধন হৰলুকি কৰা বহিঃৰাজ্যৰ এটা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী ।
এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বহিঃৰাজ্যৰ তিনিজনকৈ লোকক আটক কৰাৰ লগতে নগাঁৱৰ জুৰীয়াৰ দুজনকৈ লোকক বৃহস্পতিবাৰে সন্ধিয়া আটক কৰাৰ পাছত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে ।
বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে জুৰীয়াৰ সুঁতিৰপাৰত অভিযান চলাই চাহাব উদ্দিন নামৰ এজন কম্পিউটাৰ প্ৰতিষ্ঠানৰ সৈতে জড়িত লোকক আটক কৰাৰ লগতে তেওঁৰ লগত জড়িত বাহাৰুল ইছলাম নামৰ জুৰীয়াৰ আন এজন লোককো আটক কৰে নগাঁও আৰক্ষীৰ দলটোৱে । আটক কৰা লোক দুজনৰ পৰা আৰক্ষীয়ে বিভিন্ন ইলেক্ট্ৰ’নিক সামগ্ৰীৰ লগতে কেতবোৰ নথি-পত্ৰ জব্দ কৰি দুয়োকে জেৰা চলায় নগাঁও আৰক্ষীয়ে ।
জুৰীয়াৰ পৰা আৰক্ষীয়ে আটক কৰা লোক দুজনৰ সৈতে জড়িত বহিঃৰাজ্য বিহাৰৰ জ্ঞান প্ৰকাশ আৰু উত্তৰ প্ৰদেশৰ আদিত্য কুমাৰ, অৱনীশ কুমাৰক নগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰেই আটক কৰে । ধৃত পাঁচজনকৈ লোকক আৰক্ষীয়ে ওৰে নিশা চলোৱা জেৰাৰ অন্তত শুকুৰবাৰে চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ।
ধৃত আটাইকেইজনৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধত জড়িত থকাৰ যথেষ্ট তথ্য লাভ কৰাৰ পাছত শুকুৰবাৰে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আটাইকে গ্ৰেপ্তাৰ কৰা বুলি নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসে জানিবলৈ দিয়ে । ধৃত অভিযুক্ত চাইবাৰ অপৰাধীকেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰায় ৩ কোটি টকা লেনদেনৰ তথ্যও লাভ কৰিছে ।
চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰা চাহাব উদ্দিন, বাহাৰুল ইছলাম, জ্ঞান প্ৰকাশ, আদিত্য কুমাৰ, অৱনীশ কুমাৰৰ পৰা আৰক্ষীয়ে বহুকেইটা মোবাইল ফোন, ছীম কাৰ্ডৰ লগতে বহু নথি-পত্ৰও জব্দ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক :Huge quantity of narcotics seized in Manipur:মণিপুৰত জব্দ বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ;গ্ৰেপ্তাৰ চাৰিজন