Local, Vocal, Global

Cyber Crime in Morigaon : অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল; মৰিগাঁৱত আৰক্ষীৰ জালত পৰিল ৫ চাইবাৰ অপৰাধী

নিউজ ডেস্ক,৫ছেপ্তেম্বৰ : অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল । ৰাজ্যত সক্ৰিয়া হৈ আছে চাইবাৰ অপৰাধী। ৰাজ্যত চলিছে চাইবাৰ অপৰাধীৰ দপদপনি ৷ চাইবাৰ অপৰাধীৰ ঘাটিলৈ পৰিণত হ’বলৈ ধৰিছে মধ্য অসম(Cyber criminal arrested ) ৷

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সজাগ হৈছে অসম আৰক্ষী । বিভিন্ন সময়ত অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ ঘাটি উৎখাত কৰি আহিছে । মধ্য অসমৰ চাইবাৰ অপৰাধীৰ ঘাটিত অসম আৰক্ষীৰ অভিযান ৷

মধ্য অসমত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ সংখ্যা ৷ ইয়াৰ সমান্তৰালকৈ প্ৰতিদিনেই চাইবাৰ অপৰাধীৰ ঘাটি কঁপাইছে মৰিগাঁও আৰক্ষীয়ে(Cyber Crime in Assam)৷

মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । অভিযানত গ্ৰেপ্তাৰ ৫ টাকৈ চাইবাৰ অপৰাধী । লাহৰীঘাটৰ বিভিন্ন অঞ্চলত অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাইবাৰ অপৰাধীকেইজনক । আটকাধীন লোককেইজন ক্ৰমে ৰাকিবুল হক, ইমতিয়াজুল হক, দিলদাৰ হুছেইন, আফতাব হুছেইন আৰু নেকিবুৰ ৰহমান বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে,ইয়াৰে ৰাকিবুল হক আৰু ইমতিয়াজুল হক দুয়ো ভাই-ককাই । দুয়ো ভাই-ককাইৰ পৰা দুখন বিলাসী বাহন জব্দ কৰে আৰক্ষীয়ে । ইয়াৰোপৰি চাইবাৰ অপৰাধীকেইটাৰ পৰা দুটা লেপটপ, ৭ টা ম’বাইল, কেইবাটাও বেংকৰ এ টি এম কাৰ্ড ১৫ খন আৰু পাছপৰ্টৰ লগতে বিভিন্ন বেংকৰ লগত জড়িত নথি-পত্ৰ জব্দ কৰে(Cyber Crime in Morigaon) ।

চাইবাৰ অপৰাধীকেইটাক সোধাপোছাৰ অন্তত বহু বিস্ফোৰক তথ্য পোৱা যাব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) সমীৰণ বৈশ্যই জানিবলৈ দিয়ে । ইয়াৰে দিলদাৰ হুছেইন নামৰ চাইবাৰ অপৰাধীটো বাংলাদেশৰ পাছপৰ্ট জব্দ কৰা হয় । এই পাঁচ অপৰাধীসহ চলিত বৰ্ষত মৰিগাঁও আৰক্ষীয়ে ২১৭ টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এইদৰে মৰিগাঁৱৰ বিভিন্ন অঞ্চলত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই জানিব দিয়ে ।

লগতে পঢ়ক : Six dead, three injured due to incessant rain and landslides on NH-29 : নাগালেণ্ডত ভয়ংকৰ ভূমিস্খলন; নিহত ছয়জন,আহত তিনিজন