Cyber crime in Moirabari:মৈৰাবাৰী আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী নাছিৰ উদ্দিন

মৈৰাবাৰী,২৬নৱেম্বৰ : মৈৰাবাৰী আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী নাছিৰ উদ্দিন ওৰফে নাছিৰ মুন্সী।
বিগত দুটা বছৰ ধৰি আত্মগোপন কৰি ফুৰা মৰিগাঁও আৰক্ষীৰ মূৰৰ কামোৰণি কুখ্যাত চাইবাৰ অপৰাধী নাছিৰ উদ্দিন ওৰফে নাছিৰ মুন্সীক আজি পুৱতি নিশা মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তাতিকটা পথাৰৰ ভিনীয়েকৰ ঘৰৰ পৰা আটক কৰে মৈৰাবাৰী আৰক্ষীয়ে(Cyber crime in Moirabari)।
মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰন বৈশ্যৰ নিৰ্দেশত মৈৰাবাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এই কুখ্যাত চাইবাৰ অপৰাধীটোক।
মৈৰাবাৰী আৰক্ষী থানাত পূৰ্বে ৰুজু হৈ থকা ১৮/২০২৪ নম্বৰ গোচৰৰ ভিত্তিত আটক কৰে কুখ্যাত চাইবাৰ অপৰাধীটোক।
চাইবাৰ অপৰাধী নাচিৰ বিগত কেইবা বছৰে বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধত জড়িত হৈ থকাৰ উপৰিও পলাতক আছিল।
ইতিমধ্যে নাচিৰক মৰিগাঁও আৰু মৈৰাবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক:সোণাৰিৰ অপহৃত ব্যৱসায়ী মুছলেক আলীৰ বিস্ফোৰক ভিডিঅ’বাৰ্তা