Curfew relaxed till 6 pm in Imphal districts : ইম্ফলত সান্ধ্য আইনাৰ ক্ষেত্ৰত শিথিল;১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সান্ধ্য আইনাৰ ক্ষেত্ৰত শিথিলতা প্ৰদান
নেশ্যনেল ডেস্ক, ২নৱেম্বৰ : ইম্ফলত সান্ধ্য আইনাৰ ক্ষেত্ৰত শিথিলতা । ২নৱেম্বৰ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সান্ধ্য আইনাৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে পশ্চিমৰ জিলা দণ্ডাধীশে ।
উল্লেখ্য যে,বিগত কেইমাহৰ পৰা মণিপুৰত অব্য়াহত আছে হিংসা । হিংসাজৰ্জৰিত মণিপুৰত অব্যাহত আছে সান্ধ্য আইনাৰ(Curfew Relaxed Till 6 Pm In Imphal East, Imphal West) ।
তাৰ মাজতে আজি কিছুসময়ৰ বাবে সান্ধ্য আইন শিথিল কৰা হৈছে । ইম্ফল ইষ্ট আৰু ইম্ফল পশ্চিমৰ জিলা দণ্ডাধীশে সান্ধ্য আইনৰ নিষেধাজ্ঞা শিথিল কৰি সাধাৰণ জনতাই ঔষধ আৰু খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ সুবিধা প্ৰদান কৰে(Curfew relaxed till 6 pm in Imphal districts)।
এই নিৰ্দেশ অনুসৰি ইম্ফল পশ্চিম আৰু ইম্ফল পূৱ জিলাৰ সকলো অঞ্চলত সাধাৰণ জনতাৰ বাবে চলাচলৰ ২ নৱেম্বৰত, পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈসান্ধ্য আইন প্ৰত্যাহাৰ কৰা হ’ব। কিন্তু এই শিথিলতাই মাজতো কৰ্তৃপক্ষৰ পূৰ্বৰ অনুমোদন অবিহনে সমাৱেশ, ধৰ্ণা প্ৰতিবাদ, সমাৱেশ আদিৰ অনুমতি প্ৰদান কৰা নাই ।
তথাপিও ব্যক্তিসকলে ঠিকাদাৰৰ সৈতে স্বাস্থ্য, বিদ্যুৎ, পি এইচ ই ডি, পেট্ৰল পাম্প, স্কুল/কলেজ, পৌৰসভা, প্ৰেছ আৰু ইলেক্ট্ৰনিক মিডিয়া, আদালতৰ কাম-কাজ, আৰু বিমান যাত্ৰীসকলক বিমানবন্দৰলৈ ইফালে সিফালে যোৱাৰ দৰে অত্যাৱশ্যকীয় সেৱাত নিয়োজিত হব পাৰিব আৰু বৈধ বিমানবন্দৰ প্ৰৱেশ অনুমতি (এইপি) কাৰ্ড থকা শ্ৰমিকসকলক, কাৰ্ফিউৰ নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।
লগতে পঢ়ক : Deadbody recovered in Sivasagar : একেলগে উদ্ধাৰ এহাল যুৱক-যুৱতীৰ মৃতদেহ