Local, Vocal, Global

CTET December 2024 exam date revised : CTET পৰীক্ষাৰ দিন সলনি

নিউজ ডেস্ক,২২ছেপ্তেম্বৰ : এক গুৰুত্বপূৰ্ণ খবৰ CTETৰ পৰীক্ষাৰ্থীলৈ । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে সলনি কৰিলে CTETৰ পৰীক্ষাৰ দিন ।

নতুন সময় সূচী অনুসৰি, ১ ডিচেম্বৰৰ পৰিৱৰ্তে ১৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব CTET পৰীক্ষা ।

প্ৰশাসনিক কাৰণত CTETৰ দিন সলনি কৰাৰ কথা সদৰি কৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে(CTET December 2024 exam date revised)।

CBSEএ জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা ১৫ ডিচেম্বৰৰ দেওবাৰে দেশজুৰি চি-টেট অনুষ্ঠিত হ’ব। পূৰ্বে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ১ ডিচেম্বৰৰ দিনা দেশৰ ১৩৬ খন চহৰত চি-টেট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল।

চি-টেটৰ বাবে ইতিমধ্যে ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা অনলাইন আবেদন প্ৰক্ৰিয়া অহা ১৬ অক্টোবৰত অন্ত পৰিব।

ৰাজ্য চৰকাৰে অসম টেট অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱাৰ পৰিপ্ৰেক্ষিতত CTETৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে।

লগতে পঢ়ক : Bail denied to Former AASU general secretary Shankar Jyoti Baruah :আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ জামিন নাকচ!