Local, Vocal, Global

CRPF jawan killed in ambush in Manipur : হিংসাজৰ্জৰ মণিপুৰত গুলীচালনাৰ ঘটনা; নিহত এজন চি আৰ পি এফ জোৱান,আহত ৩জন

নিউজ ডেস্ক,১৪ জুলাই : হিংসাজৰ্জৰ মণিপুৰত অব্যাহত আছে হিংসাত্মক ঘটনাৰ ৷ দেওবাৰে পুনৰ মণিপুৰত সংঘটিত হয় আন এক হিংসাত্মক ঘটনা ৷ হিংসাত্মক ঘটনাত মৃত্যু এজন চি আৰ পি এফৰ জোৱানৰ ৷

দেওবাৰে মণিপুৰৰ জিৰিবাম জিলাত চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীৰ এটা যুটীয়া দলক লক্ষ্য কৰি সশস্ত্ৰ দুৰ্বৃত্তই আক্ৰমণ কৰে ।দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু এজন কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) জোৱানৰ আৰু আহত তিনিজন জোৱান(CRPF jawan killed in ambush in Manipur)৷

নিহত চি আৰ পি এফৰ জোৱানজন বিহাৰৰ ৪৩ বছৰীয়া অজয় ​​কুমাৰ ঝা বুলি চিনাক্ত কৰা হৈছে ৷আনহাতে আহত তিনিজন জোৱানৰ জিৰিবাম থানাৰ এজন উপ-পৰিদৰ্শক (এছ আই) ও আছে বুলি বিষয়াসকলে লগতে কয় ৷

সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে পুৱা প্ৰায় ৯.৪০ মান বজাত অজ্ঞাত অস্ত্ৰধাৰীয়ে চি আৰ পি এফৰ ২০ নং বেটেলিয়ন আৰু মণিপুৰ আৰক্ষীৰ এটা দলক লক্ষ্য কৰি লয়( CRPF jawan killed in Jiribam ambush, 3 injured) ৷

লগতে পঢ়ক : Girls body found in Nalbari : অৱশেষত উদ্ধাৰ হ’ল নিৰুদ্দেশ কিশোৰীৰ মৃতদেহ