Local, Vocal, Global

মৰিয়নীত আঘাতপ্ৰাপ্ত হাতীৰ মৰণকাতৰ চিঞৰ, নীৰৱ দৰ্শক বন বিভাগ-প্ৰশাসন

নিউজ ডেস্ক: বিগত ২০ ঘণ্টাকতৈ অধিক সময় ৰে’লৰ খুন্দাত আহত হাতীয়ে মৃত্যুৰ সৈতে যুঁজি থকাৰ পাছতো উদ্ধাৰৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰশাসন তথা বন বিভাগৰ বিৰুদ্ধে৷ মৰিয়নীত খৰিকটীয়াত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাতীটোৱে মৃত্যুৰ সৈতে যুঁজ দিয়াৰ পাছতো নিৰৱ দৰ্শক হৈ আছে প্ৰশাসন কিম্বা বন বিভাগ৷ পানীৰ যুঁৱলিত পৰি থকা হাতীটো ক্ৰমে দুৰ্বল হৈ থিয় দিব নোৱাৰা হৈ পৰিছে৷ সোমবাৰে বিয়লি আঘাতপ্ৰাপ্ত হাতীটো নৈত পৰিছিল ৷ বিগত ২০ ঘণ্টাকতৈ অধিক সময় হাতীটোৱে নৈৰ পৰা উঠিবলৈ অপ্ৰাণ চেষ্টা কৰিও বিফল হৈছে৷ ক্ৰমাৎ অৱশ হোৱাৰ লগে লগে হাতীটোৰ মৃত্যুৰ দিশে গতি কৰিছে। শেহতীয়াকৈ তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা উপস্থিত হৈছে যদিও স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত নোহোৱাত জাঙু খাই উঠিছে স্থানীয় ৰাইজ। পানীত পৰি ককবকাই থকা আঘাতপ্ৰাপ্ত হাতীটোৱে নিশা প্ৰায় ৫০০ মিটাৰ নৈৰ পানীত ভাহি আহে৷ আঘাতপ্ৰাপ্ত হাতীজনীয়ে থিয় হ’বলৈ অহৰহ চেষ্টা কৰিও বিফল হৈ নাতে পৰি ৰৈছে৷ হাতীটোৰ ছটফটাই থকা সকলো দৃশ্য প্ৰত্যক্ষ কৰিও নিৰৱ দৰ্শক হৈ আছে মৰিয়নী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় কৰ্তৃপক্ষ৷