গৰু-ম’হক খুন্দা, এইবাৰ নিজেই চেপেটা হ’ল ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ চকা

নিউজ ডেস্ক: প্ৰকৃততে হৈছে কি? নিতৌ দুৰ্ঘটনাত পতিত হ’ব ধৰিছে নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ‘বন্দে ভাৰত এক্সপ্ৰেছ’৷ ‘বন্দে ভাৰত এক্সপ্ৰেছ’ক লৈ
দেশত এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা৷ কিয়নো বিগত কেইটামান দিনৰ ভিতৰতে ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ হাস্যকৰ কাণ্ড সংঘটিত হৈছে৷ যাৰ ফলত মিম তৈয়াৰ কৰি হাঁহিৰ খোৰাক লৈছে নেটিজেনে৷
বিগত মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰ আৰু মহাৰাষ্ট্ৰৰ মুম্বাইৰ মাজত মুকলি কৰিছিল বন্দে ভাৰত এক্সপ্ৰেছ। বন্দে ভাৰত এক্সপ্ৰেছে প্ৰথমে ম’হক খুন্দামাৰি ইঞ্জিনৰ সন্মুখভাগ এৰি পৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ ইমানে নহয় বিগত ৩টা দিনত তিনিবাৰকৈ দুৰ্ঘটনাত পতিত হোৱাত ব্যাপক চৰ্চালৈ আহিছে অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ৷
যোৱা ৬ অক্টোবৰত মুম্বাইৰ পৰা গান্ধীনগৰলৈ গৈ থকাৰ সময়ত আহমেদাবাদৰ বাটৱাত অত্যাধুনিক ৰে’লখনে এটা ম’হক খুন্দা মাৰে৷ ফলত এক্সপ্ৰেছৰ সন্মুখভাগৰ এটা অংশ ভাঙি পৰাত ৰে’লৱেই ম’হৰ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ৭ অক্টোবৰত বন্দে ভাৰত এক্সপ্ৰেছে গুজৰাটৰ আনন্দ ষ্টেচনৰ ওচৰত গৰুক খুন্দা মাৰে। গৰুক খুন্দা মৰাত পুনৰ ৰেলখনৰ সন্মুখৰ অংশ ছিগি পৰে। একেদৰে ৮ অক্টোবৰত এক্সপ্ৰেছখন পুনৰ আন এক দুৰ্ঘটনাত পতিত হয়। দিল্লীৰ পৰা বাৰণাসীলৈ গৈ থকাৰ সময়তে ৰেলৰ ট্ৰেকত চকা চেপেটা হৈ ৰৈ যায়৷ এনেদৰেই বন্দে ভাৰত এক্সপ্ৰেছ ৩টা দিনত তিনিবাৰকৈ দুৰ্ঘটনাত পতিত হয়৷