দেশত পুনৰ ক’ভিডৰ সংক্ৰমণ- বিগত ২৪ ঘণ্টাত ৪০ জনৰ মৃত্যু

নিউজ ডেস্ক, ৮ মে’- শেহতীয়াকৈ দেশত পুনৰ ক’ভিডৰ প্ৰকোপ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। বিগত ২৪ ঘণ্টাত ভাৰতত ক’ভিডত প্ৰাণ গ’ল ৪০ গৰাকী ৰোগীৰ। বৰ্তমান ভাৰতত চিকিৎসাধীন অৱস্থাত ৰোগীৰ সংখ্যা হৈছে ২০ হাজাৰ ৬৩৫ গৰাকী।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ভাৰতত নতুনকৈ এটা দিনত ৩,৪৫১জন লোক কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। দেশত বৰ্তমান সক্ৰিয় সংক্ৰমণৰ সংখ্যা ২০,৬৩৫ আৰু মুঠ সংক্ৰমণৰ সংখ্যা বৃদ্ধি হৈছে ৪,২৫,৫৭,৪৯৫জনলৈ। বিগত ২৪ ঘণ্টাত প্ৰাণ গৈছে ৪০জন লোকৰ। মৃতসকলৰ ভিতৰত ৩৫জনেই কেৰালাৰ।
বিগত ২৪ ঘণ্টাত এই মৃত্যুৰ সংখ্যাকে ধৰি দেশত এতিয়ালৈ কোৰোণাত মৃত্যু হৈছে ৫,২৪,০৬৪জন লোকৰ। সক্ৰিয় সংক্ৰমণ মুঠ সংক্ৰমণৰ ০.০৫ শতাংশ। স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে, কোভিড১৯ৰ পৰা সুস্থ হৈ উঠা লোকৰ হাৰ ৯৮.৭৪ শতাংশ।
দৈনিক পজিটিভৰ হাৰ ০.৭৮ শতাংশ আৰু সাপ্তাহিক পজিটিভৰ হাৰ ০.৭৯ শতাংস বুলি জনাইছে স্বাস্থ্য মন্ত্ৰণালয়ে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দিল্লীত ১৪০৭টা নতুন কোভিড সংক্ৰমণ ঘটনা আৰু দুজনৰ মৃত্যু ঘটিছে বিগত এটা দিনত। দৈনিক পজিটিভৰ হাৰ কিছু হ্ৰাস পাই ৪.৭২ শতাংশ হৈছে।