ক’ভিড-১৯ পজিটিভ Microsoftৰ সহ প্ৰতিষ্ঠাপক বিল গেটছ

নিউজ ডেস্ক, ১১ মে’- ক’ভিডত আক্ৰান্ত মাইক্ৰছফ্টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছ। টুইটাৰত স্বয়ং এই কথা প্ৰকাশ কৰিছে বিল গেটছে।
তেওঁ জনোৱা মতে শৰীৰত সাধাৰণ লক্ষণ দেখিবলৈ পোৱা গৈছে । সুস্থ নোহোৱা পৰ্যন্ত তেওঁ আইচ’লেশ্যনত থাকিব বুলিও জনাইছে । গেটছে লগতে কৈছে যে তেওঁ সৌভাগ্যৱান কাৰণ ক’ভিডৰ দুয়োপালি টীকাকৰণ গ্ৰহণ কৰিছে ।
উল্লেখ্য যে, ছিয়েটল স্থিত বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচন হৈছে বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিগত ফাউণ্ডেচন। ক’ভিড মহামাৰীৰ সময়তে বিল গেটছে টীকাকৰণ আৰু ঔষধ প্ৰদানতো অধিক অৰিহণা যোগাইছিল । বিশেষকৈ দুখীয়া দেশবোৰৰ সহায়ৰ বাবে তেওঁ পদক্ষেপ লৈছিল ।