Local, Vocal, Global

Court grants bail to AAP leader Satyendar Jain in money laundering case : মুকলি আকাশৰ তললৈ দিল্লী প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

নিউজ ডেস্ক,১৯অক্টোবৰ : মুকলি আকাশৰ তললৈ দিল্লী প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন।দিল্লী চৰকাৰৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ কৰিলে দিল্লীৰ ৰ’জ এভিনিউ আদালতে।আদালতে কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰি জামিন প্ৰদান কৰে আম আদমী পাৰ্টীৰ নেতাগৰাকীক(Delhi Court grants bail to AAP leader Satyendar Jain in money laundering case)।

উল্লেখ্য যে সত্যেন্দ্ৰ জৈনক ই ডিয়ে ২০২২ চনৰ ৩০মে’ত তেওঁৰ সৈতে সম্পৰ্কিত ৪টা কোম্পানীৰ জৰিয়তে ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। ২০২৩ চনৰ ২৬ মে’ত চিকিৎসাজনিত কাৰণত সত্যেন্দ্ৰ জৈনক অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে।

কিন্তু ২০২৪ চনৰ ১৮ মাৰ্চত উচ্চতম ন্যায়ালয়ে জৈনৰ জামিন আবেদন নাকচ কৰিছিল। তাৰ পাছতে পুনৰ তিহাৰ জেললৈ যাবলগীয়া হৈছিল জৈন। উল্লেখ কৰা প্ৰয়োজন, ৫০,০০০ টকাৰ জামিন বণ্ড আৰু দুই জামিনদাৰৰ ওপৰত তেওঁক জামিন প্ৰদান কৰে ন্যায়াধীশে(Court grants bail to AAP leader Satyendar Jain in money laundering case)।

লগতে পঢ়ক : One Bangladeshi National arrested : কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত আটক বাংলাদেশী অনুপ্ৰৱেশকাৰী