আজি পৌৰসভা নিৰ্বাচনৰ ভোটগণনা- ২০০তকৈ অধিক ৱাৰ্ডত বিজেপিৰ অগ্ৰগতি
নিউজ ডেস্ক,৯ মাৰ্চঃ ৰাজ্যত অনুষ্ঠিত হোৱা পৌৰসভা নিৰ্বাচনৰ আজি ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। পুৱা ৮ বজাৰ পৰা ৰাজ্যৰ মুঠ ৮০খন পৌৰসভাৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে।
ৰাজ্যৰ ৮০খন পৌৰসভাৰ ৯৭৭টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। পৌৰসভাৰ নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছ, অগপ, অজাপ, ৰাইজৰ দল আদি দলে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।
ইফালে ৫৭ গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছিল। বৰ্তমানলৈ হোৱা ভোটগণনাত বিজেপিয়ে প্ৰায় ২০০ টা ৱাৰ্ডত অগ্ৰগতি লাভ কৰিছে।