মাজুলী উপনিৰ্বাচনৰ ভোটগণনা আৰম্ভ- বিজেপিৰ অগ্ৰগতি
নিউজ ডেস্ক,১০ মাৰ্চঃ আজি পুৱা ৮ বজাৰ পৰা মাজুলী বিধানসভা উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। প্ৰথমতে বেলট পেপাৰৰ গণনা আৰম্ভ কৰিছে আৰু ইয়াৰ পিছতে ইভিএমৰ ভোট গণনা আৰম্ভ কৰা হ’ব।
১৪টা ৰাউণ্ডত আজি ভোটগণনা আৰম্ভ কৰা হ’ব।
বিজেপি প্ৰাৰ্থী ভূৱন গাম, এজেপিৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।
বিজেপি আৰু এজেপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হৈছে যদিও তথ্য অনুসৰি বিজেপিৰ ভূৱন গাম প্ৰায় ২০০ ভোটত অগ্ৰগতি লাভ কৰি আছে।কোন হ’ব মাজুলীৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী ?