Local, Vocal, Global

Counter terrorism operations in Delhi :দিল্লী আৰক্ষীৰ বৃহৎ অভিযান;অভিযানত আটক ৮ গৰাকী সন্দেহজনক লোকক

নেশ্যনেল ডেস্ক,২২আগষ্ট : দিল্লী আৰক্ষীৰ বৃহৎ অভিযান । চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ অভিযান ।

এক তথ্যৰ ভিত্তিত দিল্লীৰ আৰক্ষীয়ে ঝাৰখণ্ড, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ আৰক্ষী বাহিনীৰ সহযোগত বিভিন্ন স্থানত অভিযান চলাই । অভিযানত দলটোৱে সন্ত্ৰাসবাদী সংগঠন আল কায়দা ইণ্ডিয়ান কোপেষ্টিয়েলৰ স্লিপাৰ চেল উৎখাত কৰিবলৈ সক্ষম হয় ।লগতে এই অভিযানৰ সময়ত বিশেষ কোষে ৰাজস্থান, ঝাৰখণ্ড আৰু অন্যান্য ৰাজ্যৰ পৰা প্ৰায় ৮ গৰাকী সন্দেহজনক লোকক আটক কৰে । এই স্লিপাৰ চেলটোৰ নেতৃত্ব দিছিল ৰাঁচীৰ ড৹ ইশতিয়াকে । তেওঁ খিলাফত ঘোষণা কৰাৰ লগতে দেশৰ ভিতৰত গুৰুতৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকাৰ আঁৰত আছিল বুলি জানিব পৰা গৈছে(Counter terrorism operations in Delhi)।

ইফালে ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ মুখপাত্ৰ সুমন নলৱাই জনোৱা অনুসৰি চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলা এক অভিযানৰ সময়ত এইটো প্ৰকাশ পাই যে ৰাঁচীৰ পৰা কাম কৰি থকা স্লিপাৰ চেলটো বৰ্তমান ড৹ ইশতিয়াকৰ নেতৃত্বত আছিল । বিশেষ কোষৰ দ্বাৰা পৰিচালিত এই চোৰাংচোৱা-আধাৰিত অভিযানত পোহৰলৈ আহিছে যে মডিউলটোৰ সদস্যসকলক প্ৰস্তুত কৰিবলৈ আৰু অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিবলৈ বিভিন্ন স্থানত প্ৰশিক্ষণ দিয়া হৈছে ।

ৰাজস্থানৰ ভিৱাড়ীৰ পৰা অস্ত্ৰ প্ৰশিক্ষণ লৈ থকা ৬ গৰাকী লোককো বিশেষ কোষে আটক কৰে । ইয়াৰ উপৰিও, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ প্ৰায় ৮ গৰাকী সন্দেহজনক লোকক সোধা-পোছাৰ বাবে আটক কৰে । বৰ্তমান বিভিন্ন স্থানত অনুসন্ধান চলি আছে আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।

মুখপাত্ৰগৰাকীয়ে কয় যে বহু স্থানৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, নথি-পত্ৰ আদি উদ্ধাৰ কৰা হৈছে । এতিয়ালৈকে ৰাঁচীত ১৫ টা, ৰাজস্থানৰ ১ টা আৰু আলিগড়ত ১ টা স্থানত অভিযান চলোৱা হৈছে(Counter terrorism operations in Delhi)।

লগতে পঢ়ক :Sensational incident: খোৱাপানীৰ টেংকীত দুষ্টচক্ৰই মিহলি কৰিলে সন্দেহজনক ৰাসায়নিক দ্ৰব্য