Council of ministers takes oath as Parliament session begins : আজিৰে পৰা অষ্টাদশ লোকসভাৰ বিশেষ অধিৱেশন ;নৱনিৰ্বাচিত সাংসদসকলৰ শপত গ্ৰহণ
নিউজ ডেস্ক,২৪জুন : আজিৰে পৰা অষ্টাদশ লোকসভাৰ বিশেষ অধিৱেশন । নৱনিৰ্বাচিত সাংসদসকলৰ শপত গ্ৰহণ ৷
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ সাংসদ পদৰ শপতগ্ৰহণ কৰিলে বহুতেই। এই শপত গ্ৰহণ কৰায় প্ৰ’টেম অধ্যক্ষ ভাৰত্ৰুহৰি মাহতাবে।
সাংসদ হিচাপে শপতগ্ৰহণৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত বক্তৃতা ৰাখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ বক্তৃতাত উত্থাপন হয় বিৰোধীৰ প্ৰসংগও(Council of ministers takes oath as Parliament session begins)।
বিৰোধীক উদ্দেশ্যি কৰি মোদীয়ে কয়, ‘‘দেশৰ মানুহে কোনো নাটক নিবিচাৰে, কোনো বাধা বিপত্তি নিবিচাৰে। তেওঁলোকে বিৰোধীৰ পৰাও ভাল কোনো পদক্ষেপেই আশা কৰে। আমি আশা কৰো, গণতন্ত্ৰৰ কথা মনত ৰাখি দেশৰ সাধাৰণ মানুহৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰিব। মানুহে কাম বিচাৰে, শ্লোগান নহয়।’’
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘বিগত ১০ বছৰত, আমি সকলো সময়তে এক ঐতিহ্য বাস্তবায়নৰ চেষ্টা কৰিছো, কাৰণ আমি বিশ্বাস কৰো যে চৰকাৰ চলাবলৈ সংখ্যাগৰিষ্ঠতা প্ৰয়োজন, কিন্তু দেশ পৰিচালনাৰ বাবে কোনো বিষয়ত সৰ্বসন্মত হোৱা অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়ে সকলোৰে সন্মতিত আৰু সকলোকে একেলগে লৈ মা ভাৰতীৰ সেৱা কৰা আৰু ১৪০ কোটি মানুহৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিম।’’
লগতে পঢ়ক : Girl Goes Missing From Jorhat : যোৰহাটত পুনৰ ছাত্ৰী নিৰুদ্দেশৰ ঘটনা