Local, Vocal, Global

Corruption in PDS Rice : চাপৰত বগা চাউলৰ ক’লা বেহা

চাপৰ,৫ছেপ্তেম্বৰ : দৰিদ্ৰ সীমাৰেখা তলৰ (Below the poverty line) পৰিয়াললৈ ৰাজ্য চৰকাৰে যোগান ধৰা চাউলক লৈয়ো সম্প্ৰতি চলিছে মুকলি ছিণ্ডিকেট । সম্প্ৰতি ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে বগা চাউলৰ ক’লা বেহা । চৰকাৰে বিনামূলীয়াকৈ যি চাউল যোগান ধৰি আহিছে সেই চাউল একাংশ সমবায় সমিতিৰ সভাপতি, সম্পাদক আৰু সুলভ মূল্যৰ এজেন্টে লগ লাগি দালালৰ জৰিয়তে এই ব্যৱসায় চলাই আছে । এই চাউলৰ ক’লা ব্যৱসায়ৰ লগত উৰ্দ্ধতম কতৃপক্ষ জড়িত থকাৰ কথাও নুই কৰিব নোৱাৰি ।

চাপৰত বগা চাউলৰ ক’লা বেহা। বগা চোৰাং চাউলৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান।

অভিযানত টিলাপাৰাৰ কামাৰদিহিৰ ঘাটৰপাৰৰ পৰা এখন যন্ত্ৰচালিত নাও ভৰ্তি বগা চাউল জব্দ কৰে আৰক্ষীয়ে। লগতে দুখনকৈ ই- ৰিক্সা জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত ই-ৰিক্সাখনৰ নম্বৰৰ AS-17ER-4555 আৰু এখন নম্বৰ বিহীন ই- ৰিক্সা।

জানিব পৰা মতে,বগা চাউলখিনি ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউল । যন্ত্ৰচালিত নাওঁ আৰু ই-ৰিক্সা খনত প্ৰায় ৮০ বস্তা সুলভ মূল্যৰ বগা চাউল আছিল। ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউলখিনি নদী পথেৰে চুবুৰীয়া ৰাজ্য মেঘালয় সৰবৰাহ চেষ্টা চলাইছিল(Corruption in PDS Rice)।

অভিযোগ অনুসৰি, একাংশ সূলভ মূল্যৰ দোকানীয়ে দুখীয়া হিতাধিকাৰীৰ প্ৰতিগৰাকী সদস্যৰ বিপৰীতে ৫০০ গ্ৰাম চাউল কম প্ৰদান কৰে ।

আৰক্ষীৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্ত অন্তত হে পোহৰলৈ আহিব কোনে সুলভ মূল্যৰ দোকানী ৰাজহুৱা বিতৰণৰ চাউল বিতৰণ কৰাৰ পৰিৱৰ্তে চোৰাং কৈ বিক্ৰী কৰি আছে।

ঘটনা সন্দৰ্ভত খাদ্য আৰু যোগান বিভাগে ঘটনা সন্দৰ্ভত কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

লগতে পঢ়ক : Road Accident in Gauripur : ই-ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;আহত ৪জন