Local, Vocal, Global

Corruption in PDS Rice: ৰাজ্যত সুলভ মূল্যৰ চাউলৰ ক’লা বেহা

নিউজ ডেস্ক,২৭জুলাই : দৰিদ্ৰ সীমাৰেখা তলৰ (Below the poverty line) পৰিয়াললৈ ৰাজ্য চৰকাৰে যোগান ধৰা চাউলক লৈয়ো সম্প্ৰতি চলিছে মুকলি ছিণ্ডিকেট । সম্প্ৰতি ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে বগা চাউলৰ ক’লা বেহা । চৰকাৰে বিনামূলীয়াকৈ যি চাউল যোগান ধৰি আহিছে সেই চাউল একাংশ সমবায় সমিতিৰ সভাপতি, সম্পাদক আৰু সুলভ মূল্যৰ এজেন্টে লগ লাগি দালালৰ জৰিয়তে এই ব্যৱসায় চলাই আছে । এই চাউলৰ ক’লা ব্যৱসায়ৰ লগত উৰ্দ্ধতম কতৃপক্ষ জড়িত থকাৰ কথাও নুই কৰিব নোৱাৰি ।

এই চাউল বিভিন্ন ধৰণৰ পদ্ধতিৰে বহিঃৰাজ্য লৈ প্ৰেৰণ কৰাৰ বাতৰি মাজে সময়ে বিভিন্ন মাধ্যম যোগে প্ৰচাৰ হৈ আহিছে । দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰে আজিলৈ নাকি লগাবলৈ সক্ষম হোৱা নাই চাউলৰ এই অবৈধ বেহা কৰা সকলক ।

এইবাৰ বৰপেটাৰ ভক্তৰডবাস্থিত দেশভক্ত সমবায় সমতি লিমিটেডত গঢ়ি উঠা সুলভ মূল্যৰ চাউলৰ ক’লা ব্যৱসায়ৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি এই সমবায় সমিতিখনৰ পৰা দীৰ্ঘদীন ধৰি সুলভ মূল্যৰ চাউল ক’লা বজাৰত বিক্ৰী হৈ আহিছিল(Corruption in PDS Rice)।

এনে অভিযোগৰ মাজতে আজি প্ৰায় ৫০ কুইণ্টল চাউল ক’লা বজাৰত বিক্ৰী কৰাৰ সময়তে সমবায় সমিতিখনৰ একাংশ সদস্যই কৰায়ত্ত কৰে। ইয়াৰ পিছতে স্থানীয় আৰক্ষীয়ে আহি চাউলখিনি জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই সুলভ মূল্যৰ চাউলৰ ক’লা ব্যৱসায়ৰ সৈতে সচিব কমল গোস্বামী জড়িত হৈ আছে। তেওঁৰ নেতৃত্বতে সমবায় সমিতিখনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে এই ক’লা ব্যৱসায়।

আজি এই ঘটনা পোহৰলৈ অহাৰ পাছতে কয়াকুছি আৰক্ষীয়ে চাউলখিনিৰ সৈতে এখন মহিন্দ্ৰা পিক আপ বাহন জব্দ কৰিছে। ইয়াৰোপৰি আটক কৰিছে চালক জাহিদুল ইছলামক। জব্দ কৰা বাহনখনৰ নম্বৰ AS15 AC 0649।

লগতে পঢ়ক : Vehicle falls into gorge in Jammu and Kashmir’s Anantnag : দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন;নিহত ৮জন