Local, Vocal, Global

corruption in construction of school buildings : বিদ্যালয় নিৰ্মানত ব্যাপক দুৰ্নীতি, ঠিকাদাৰ ফয়জাল হকৰ বিৰুদ্ধে অভিযোগ

লখিমপুৰ, ৪অক্টোবৰ : বিদ্যালয় নিৰ্মানত ব্যাপক দুৰ্নীতি । ঠিকাদাৰৰ বিৰুদ্ধে উঠিছে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ । জলেশ্বৰ সমষ্টিৰ মেদৰটাৰীত নিৰ্মিয়মান কস্তোৰুবা গান্ধী বালিকা বিদ্যালয় নিৰ্মাণৰ নামত বিয়াগোম দুৰ্নীতি কৰাৰ অভিযোগ (Allegations of corruption in school buildings)।

অভিযোগ অনুসৰি, বিদ্যালয়খন নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে ঠিকাদাৰে নিজ ইচ্ছা অনুসৰি কাম কৰিছে । ধুবুৰী জিলাৰ সৰ্বশিক্ষা অভিযানৰ অধীনত মেদৰটাৰীত চলি থকা কস্তোৰুবা গান্ধী বালিকা বিদ্যালয়ৰ গৃহ নিৰ্মাণত চলি থকা ব্যাপক অনিয়মৰ তথ্য পোহৰলৈ আহিছে(corruption in construction of school buildings)।

জানিব পৰা মতে, কস্তোৰুবা গান্ধী বালিকা বিদ্যালয় নিৰ্মাণ বাবে আবণ্টন দিয়া হৈছিল প্ৰায় ৩ কোটি টকা। ৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া কামৰ দায়িত্ব লৈছিল ঠিকাদাৰ ফয়জাল হকে । কিন্তু ঠিকাদাৰ ফয়জাল হকে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে নিৰ্মাণত ব্যাপক দুৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইছে((Allegations of corruption in school buildings)) ।

উল্লেখ্য যে স্থানীয় ৰাইজৰ মতে, নিৰ্মাণ সম্পূৰ্ণ নহওতেই বিদ্যালয়খনত লগোৱা টাইলছবোৰ উঠি গৈছে । লগতে চিমেণ্ট অবিহনে অকল মাটিৰ লেখীয়া বালি ব্যৱহাৰ কৰি কাম কৰি আছে ।

ঠিকাদাৰৰ এই দুৰ্নীতিৰ উমান পাই ইতিমধ্যে স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লায়ে বিদ্যালয়খনৰ কাম বন্ধ কৰি থৈ দিছে । স্থানীয় ৰাইজে এই ঘটনা সন্দৰ্ভত সঠিক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

লগতে পঢ়ক :8 Members of Family Dead in Road Accident : এক মৰ্মান্তিক দুৰ্ঘটনা;এৰ্টিগা বাহনৰ খুন্দা ট্ৰাক