Local, Vocal, Global

Cops exhume woman’s body after 6 days:মৃত্যুৰ ৬ দিন পিছত আৰক্ষীয়ে কবৰ খান্দি উলিয়ালে যুৱতীৰ মৃতদেহ

নিউজ ডেস্ক,১০ডিচেম্বৰ : মৃত্যুৰ ৬ দিন পিছত আৰক্ষীয়ে কবৰ খান্দি উলিয়ালে যুৱতীৰ মৃতদেহ।উদ্ধাৰ কৰা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।

লম্পট শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী বনকৰা যুৱতী। ৮ মাহৰ অন্তঃসত্ত্বা হ’ল ২০ বছৰীয়া যুৱতীগৰকী। অন্তঃসত্ত্বা অৱস্থাত কৰুণ মৃত্যু দুৰ্ভগীয়া যুৱতী গৰাকীৰ।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিয়ে বিজনী থানাত দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত মৃত্যুৰ ৬ দিনৰ অন্তত বিজনীৰ কাৰ্যবাহী দণ্ডাদীশৰ উপস্থিতিত বিজনী আৰক্ষীয়ে কবৰ খান্দি উলিয়ালে যুৱতী গৰাকীৰ মৃতদেহ।তদন্তৰ খাতিৰত যুৱতী গৰাকীৰ মৃতদেহৰ কৰা হ’ব মৰণোত্তৰ পৰীক্ষা। বিজনী মহকুমা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাদীশ দেৱাংগণ শৰ্মা, চিকিৎসক, বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসৰ উপস্থিতিত কবৰ খান্দি উলিওৱা হয় মৃতদেহ(Cops exhume woman’s body after 6 days)।

অভিযোগ অনুসৰি,বল্লমগুৰী এম ভি স্কুলৰ সহ শিক্ষক তথা ২নং পুৰাদিয়া নিবাসী জুমৈশ্ৰাং ব্ৰহ্ম ওৰফে যাথিৰ ঘৰত বিগত ২০২৩ চনৰ নৱেম্বৰ মাহৰ পৰা বনকৰা যুৱতী হিচাবে আছিল ২০ বছৰীয়া পিতৃহীন যুৱতী গৰাকী। লম্পট মৈশ্ৰাং ব্ৰহ্ম ওৰফে যাথিয়ে ধৰ্ষণ কৰে যুৱতী গৰাকীক ।ধৰ্ষণ কৰা যুৱতী গৰাকী ৮ মাহৰ অন্তঃসত্ত্বা হয় ।

মৰিগাঁৱৰ এগৰাকী প্ৰধান শিক্ষকৰ কৰ্মকাণ্ডত লজ্জিত শিক্ষক সমাজ। মৰিগাঁৱৰ দলৈচুবা মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল চন্দ্ৰ নাথৰ বিৰুদ্ধে বিদ্যালয় খনত অধ্যয়নৰত একাংশ ছাত্ৰীয়ে উত্থাপন কৰিছে নিৰ্যাতনৰ দৰে বিস্ফোৰক অভিযোগ।

লগতে পঢ়ক :গ্ৰন্থ মেলাৰ বাকৰিত জুৱাৰ আড্ডা!