Local, Vocal, Global

Cop, Journo Arrested for Involvement in Hawala Transactions : হাৱালা ধন আত্মসাৎ কৰি গ্রেপ্তাৰ আৰক্ষী-সাংবাদিক

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : গ্ৰেপ্তাৰ আৰক্ষী আৰু সাংবাদিক । হাৱালা ধন আত্মসাৎ কৰি গ্রেপ্তাৰ আৰক্ষী-সাংবাদিক! বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হ’ল সাংবাদিক আৰু আৰক্ষী । ভৰলু থানাৰ SI মোবাৰক আলী আৰু সাংবাদিক টফিকউদ্দিন গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ।

জানিব পৰা মতে, এটা ব্যক্তিগতখণ্ডৰ সংবাদ মাধ্য়মত কৰ্মৰত সাংবাদিক আছিল টফিকউদ্দিন। এই পৰ্যন্ত ঘটনাৰ সৈতে জড়িত ৪ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

হাৱালা ধন আত্মসাৎ লগত জড়িত দুজন উপ পৰিদৰ্শক, এজন সাংবাদিক আৰু এজন অন্য লোক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ লোককেইজন ক্ৰমে SI মোবাৰক আলী, SI অনুৰাগ বৰা, সাংবাদিক তফিক উদ্দিন আহমেদ আৰু এজন আৰক্ষীৰ ইনফৰ্মাৰ খাইৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে ভৰলু আৰক্ষীয়ে(Cop, Journo Arrested for Involvement in Hawala Transactions)৷

বৰ্তমান সোধা-পোছাৰ বাবে আটক চৰিফ নামৰ আন এজন লোকক ৷ ধৃত কেইজনৰ পৰা এই পৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ কৰিছে ২৮ লাখ ৭০ হাজাৰ টকা৷ গুৱাহাটীৰ হাৱালা চক্ৰৰ পৰা আত্মসাৎ কৰিছিল এই বৃহৎ পৰিমাণৰ ধন৷

হাৱালা চক্ৰৰ দুই সদস্যৰ পৰা আত্মসাৎ কৰিছিল বৃহৎ পৰিমাণৰ ধন ৷ অভিযান চলাবলৈ গৈ হাৱালা চক্ৰৰ পৰা জব্দ কৰা ধন আত্মসাৎ কৰিছিল চক্ৰটোৱে ৷ ধৃত SI মোবাৰক ঘৰৰ পৰা উদ্ধাৰ ১৭ লাখ ৫০ হাজাৰ টকা৷ সাংবাদিক তফিকৰ ঘৰৰ পৰা উদ্ধাৰ ৪ লাখ টকা৷ আৰক্ষীৰ ইনফৰ্মাৰ খাইৰুলৰ ঘৰৰ পৰা জব্দ ৭ লাখ ২০ হাজাৰ টকা(Cop, Journo Arrested for Involvement in Hawala Transactions)৷

উল্লেখ্য যে নৱেম্বৰ মাহত আৰক্ষীয়ে অভিযান চলাইছিল হাৱালাৰ বিৰুদ্ধে। হাৱালা চক্রটোৰ পৰা জব্দ কৰিছিল ১ কোটি ৬৯ লাখ ৭০ হাজাৰ টকা। ৰাজস্থানৰ দুজন লোকৰ পৰা জব্দ হৈছিল ধনখিনি। দুয়োজন আছিল হাৱালা চক্রৰ সদস্য। আঠগাঁৱৰ ভাৰাঘৰৰ পৰা জব্দ হৈছিল নগদ কোটি টকা।

লগতে পঢ়ক : Road Accident : অকালতে হেৰাই গ’ল এজনী মেধাৱী ছাত্ৰী