Local, Vocal, Global

Cop Goes Missing After Falling into Water from Boat : স্ব-গৃহ পালেহি আৰক্ষী জোৱান কুশন কলিতাৰ মৃতদেহ

নিউজ ডেস্ক, ৮ জানুৱাৰী : স্ব-গৃহ পালেহি আৰক্ষী জোৱান কুশন কলিতাৰ মৃতদেহ। মৃত আৰক্ষী জোৱান কুশল কলিতাৰ বাসগৃহত শোকাকুল পৰিৱেশ । আজি গোৱালপাৰাৰ স্বগৃহলৈ অনা হয় আৰক্ষী জোৱান কুশল কলিতাৰ মৃতদেহ। বন্ধুবৰ্গ, আত্মীয় লোকসকল উপস্থিত জোৱানজনৰ বাসগৃহত। পিতৃহাৰা হ’ল কুশল কলিতাৰ ডেৰ বছৰীয়া কন্যা ।

উল্লেখ্য যে, দেওবাৰে দক্ষিণ শালমৰা মানকাচৰত নাওঁৰ পৰা পৰি মৃত্যু হৈছিল আৰক্ষী জোৱান কুশল কলিতাৰ । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষকে দেওবাৰে ৰাতিপুৱাই বন্দিহানা আৰক্ষী চকী পৰিদৰ্শন কৰিবলৈ গৈ আছিল আৰু সেই সময়তে আৰক্ষীয়ে অহা এখন যন্ত্ৰচালিত নাঁওৰ পৰা পিচলি ব্ৰহ্মপুত্ৰৰ বুকুত পৰে(Policeman Slips from Boat, Drowns in Brahmaputra River) ।

জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাত পতিত হোৱা নাওখনত জিলাখনৰ SP, DSP, OCএ ফকিৰগঞ্জ আৰক্ষী থানাৰ পৰা এক ইঞ্জিন চালিত নাঁৱৰে বন্ধিহানা আৰক্ষী থানালৈ গৈ আছিল। সেই সময়তে ফটো তুলিবলৈ লওঁতেই নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰিছিল কুশল কলিতা।

আৰক্ষী অধীক্ষক হৰেণ তকবিৰ লগতে উপ-আৰক্ষী অধীক্ষক আৰু ভাৰপ্ৰাপ্ত বিষয়াৰ চকুৰ আগতে ব্ৰহ্মপুত্ৰত সৰি পৰিছিল আৰক্ষী জোৱান কুশল কলিতা। পানীত পৰি যোৱা আৰক্ষী জোৱান কুশল কলিতাক SP, DSP আৰু OC-এ উদ্ধাৰ নকৰাৰ অভিযোগ একাংশ লোকৰ।

দুখন নাৱেৰে গৈ থকা আৰক্ষীৰ দলটোৱে মোবাইলত দৃশ্য বন্দী কৰি থাকোতেই ব্ৰহ্মপুত্ৰত ডুবি মৃত্যু হ’ল আৰক্ষী জোৱান কুশল কলিতাৰ(Cop Goes Missing After Falling into Water from Boat)।

লগতে পঢ়ক : SDRF Recovers Police Officer’s Body From Brahmaputra River : অৱশেষত উদ্ধাৰ হ’ল নাওঁৰ পৰা পৰি নিখোজ হোৱা আৰক্ষী জোৱানৰ মৃতদেহ