Cooperative Society Assistant arrested for taking bribe : উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল সমবায় সমিতিৰ উচ্চবৰ্গৰ সহায়ক
নিউজ ডেস্ক,২২আগষ্ট : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী।
ৰাজ্যত পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া। এইবাৰ গোৱালপাৰাত মুখ্যমন্ত্ৰী তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত চৰকাৰী বিষয়া(Cooperative Society Assistant arrested for taking bribe in Goalpara)।
উল্লেক্য যে,মঙলবাৰে গোৱালপাৰাত মুখ্যমন্ত্ৰী তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই । অভিযানত জালত পৰে গোৱালপাৰাৰ সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক প্ৰবীণ মুছাহাৰী । গোৱালপাৰা জিলাৰ লক্ষীপুৰ অঞ্চলৰ এখন মীন সমবায় সমিতিৰ পঞ্জীয়ন কৰাৰ নামত ৫০ হাজাৰ টকা উৎকোচ বিচাৰিছিল গোৱালপাৰা জিলা সমবায় সমিতিৰ উচ্চ বৰ্গৰ কৰ্মচাৰী প্ৰবীণ মুছাহাৰীয়ে ।
৫০ হাজাৰ টকা উৎকোচ নিদিয়াৰ বাবে বিগত এবছৰ ধৰি পঞ্জীয়নৰ কাম টেবুলতে আবদ্ধ কৰি থৈছিল কৰ্মচাৰীগৰাকীয়ে । উপায়ন্তৰ হৈ লোক কেইজনে মুখ্যমন্ত্ৰীৰ তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰে । মীন পঞ্জীয়ন কৰিবলৈ অহা লোকজনে মঙলবাৰে ৫০ হাজাৰ টকাৰ ১০ হাজাৰ টকা আদায় দিবলৈ আজি জিলা সহকাৰী পঞ্জীয়ন কাৰ্যালয়ত উপস্থিত হৈ ১০ হাজাৰ টকা উৎকোচ লওঁতে পূৰ্বতে খাপপিটি থকা দুৰ্নীতি নিবাৰাক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰে প্ৰবীণ মুছাহাৰীক ।