Local, Vocal, Global

Controversial RTI activist Dulal Bora brought to Assam from the custody of Delhi Police : দিল্লী আৰক্ষীৰ জিম্মাৰ পৰা অসমলৈ লৈ অহা হৈছে বিতৰ্কিত RTI ৰ কৰ্মী দুলাল বৰাক

নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : দিল্লী আৰক্ষীৰ জিম্মাৰ পৰা অসমলৈ লৈ অহা হৈছে বিতৰ্কিত RTI ৰ কৰ্মী দুলাল বৰাক।

দিল্লীৰ এখন হাস্পতালৰ পৰা আটক কৰা হৈছিল বৰাক । তাৰ পিছতে অসম আৰক্ষীয়ে দিল্লীয়ে ৰাওনা । দিল্লীলৈ ৰাওনা হোৱা অসম আৰক্ষীৰ তিনিজনীয়া দলটোৱে বৃহস্পতিবাৰৰ পুৱাই বিমানেৰে অসমলৈ আনে।

পুৱা ৬-৩০ বজাতে ইণ্ডিগ’ বিমানেৰে দুলাল বৰাক ডিব্ৰুগড়লৈ অনা হয়। তাৰ পৰা পোনে পোনে তেঁওক আৰক্ষীয়ে চৰাইদেউলৈ নিব(Controversial RTI activist Dulal Bora brought to Assam from the custody of Delhi Police)।

উল্লেখযোগ্য যে দেৱজিৎ হাজৰিকা নামৰ বিজেপিৰ স্থানীয় নেতাজনৰ আত্মহত্যাৰ গোচৰত নাম সাঙোৰ খাইছিল দুলাল বৰাৰ।এই গোচৰত নাম সাঙোৰ খোৱাৰ পাছতে ১৮ ছেপ্তেম্বৰত দুলাল বৰাই গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ দিল্লীৰ কৃতি নগৰৰ কাৰ্লা হাস্পতালত ভৰ্তি হৈছিল।

লগতে পঢ়ক : Case filed against YouTube channel called Jumping Spider Studio : Jumping Spider Studio নামৰ ইউটিউব চেনেলৰ বিৰুদ্ধে গোচৰ আসাম পাব্লিক ৱৰ্কচৰ