Local, Vocal, Global

Constituency Delimitation 2023 : গুৱাহাটীত দেশৰ নিৰ্বাচন আয়োগৰ দল, আজিৰে পৰা তিনিদিনীয়াকৈ কলাক্ষেত্রত সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি

নিউজ ডেস্ক, ১৯ জুলাই : আজি গুৱাহাটীলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ (Election Commission of India)। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত শুনানি গ্ৰহণৰ বাবে বুধবাৰে দুপৰীয়া গুৱাহাটীত উপস্থিত হ’ব মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নির্বাচন আয়োগৰ পূৰ্ণাংগ দল (Constituency Delimitation 2023)। ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ব্যাপক প্ৰতিক্ৰিয়া তথা প্ৰতিবাদ চলি থকাৰ সময়তে তিনিদিনীয়া কাৰ্যসূচীৰে উপস্থিত হ’ব দলটি । খচৰাখনৰ সন্দৰ্ভত ৰাইজৰ আপত্তি গ্ৰহণ কৰি শুনানি প্ৰদানৰ বাবে আহিছে দলটি । দিনৰ ২ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব লগীয়া এই শুনানি ২১ জুলাই পৰ্যন্ত চলিব (Srimanta Shankardev Kalakshetra)।

উল্লেখ্য দল-সংগঠনৰ কেৱল মাত্র ৫জনকৈ প্রতিনিধিয়েহে আয়োগক সাক্ষাৎ কৰিব পাৰিব ।

মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত পূৰ্ণাংগ নির্বাচন আয়োগৰ দলটো দিনৰ ১২ বজাত গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত উপস্থিত হ’ব । খন্তেক জিৰণি লোৱাৰ পাছত নির্বাচন আয়োগৰ দলটো গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত উপস্থিত হ’ব । ইয়াৰ পিছত দিনৰ ২ বজাৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি অনুষ্ঠিত কৰিব ।

ৰাজ্যিক নির্বাচন বিভাগে জনোৱা অনুসৰি আয়োগৰ দলটোৱে প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং বাক্সা, ডিমা হাচাও, কামৰূপ, ওদালগুৰি আৰু কোকৰাঝাৰ জিলাৰ আপত্তিৰ সন্দৰ্ভত প্ৰতিনিধিৰে আলোচনাত বহিব দলটি(Assam Constituency Delimitation) । পূৰ্বে জাৰি কৰা এক জাননী অনুসৰি কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ৩ নং হলত কামৰূপৰ প্ৰতিনিধিৰে আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰ তথা আন জিলাসমূহৰ প্ৰতিনিধিৰে বহিব বৈঠক।

আনহাতে দ্বিতীয় দিনা অৰ্থাৎ ২০ জুলাইৰ কাৰ্যসূচী অনুসৰি পুৱা ৯-৩০ বজাৰ পৰা দিনৰ ২ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, নলবাৰী, শোণিতপুৰ, কৰিমগঞ্জ, দৰং, হাইলাকান্দি, কাছাৰ, দক্ষিণ শালমাৰা, নগাঁও, ধুবুৰী জিলাৰ প্ৰতিনিধিৰে হ’ব বৈঠক । শ্রীশ্রী মাধৱদেৱ প্ৰেক্ষাগৃহত নগাঁও, মৰিগাঁও আৰু ধুবুৰী জিলাৰ ক্ষেত্রত দলটোৱে শুনানি গ্রহণ কৰিব । উল্লেখ্য এই বৈঠকত উক্ত প্ৰেক্ষাগৃহত গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জৰ প্ৰতিনিধিৰে আৰু ৩ নং হলত বাকী জিলাৰ প্ৰতিনিধিৰে বৈঠকত বহিব। ২০ জুলাইৰ বিয়লি ৩.৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ প্রতিনিধিৰ সৈতে বৰ্ণানুক্রমিকভাৱে আলোচনাত বহিব ।

ঠিক তেনেদৰে তৃতীয় দিনা ২১ জুলাই পুৱা ৯-৩০ বজাৰ পৰা দিনৰ ১২-৩০ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰতিনিধি আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেও, গোলাঘাট আৰু মাজুলীৰ প্ৰতিনিধিৰে আয়োগ আলোচনাত বহিব । একে সময়তে বিভিন্ন জিলাৰ শুনানি কলাক্ষেত্ৰৰ তিনিটাকৈ হলত অনুষ্ঠিত হ’ব । ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জনোৱা অনুসৰি যিসমূহ দল-সংগঠনে শুনানিত অংশ ল’ব তেওঁলোকৰ প্ৰতিনিধি ৫জনকৈ অধিক হ’ব নোৱাৰিব।

শুনানিৰ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় ইয়াৰ বাবে আৰক্ষী প্ৰশাসনে সমগ্ৰ শংকৰদেৱ কলাক্ষেত্ৰতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । উল্লেখ্য যে শুনানি কালত সংবাদ মাধ্যমৰো উপস্থিতি নিষিদ্ধ কৰা হৈছে । নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি বৈঠকৰ সময়ত প্ৰতিনিধিয়ে বন্ধ কৰি ৰাখিব লাগিব মোবাইল ফোন।

জানিব পৰা মতে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ লগতে নির্বাচন আয়ুক্তদ্বয় ক্রমে অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলে শুনানি গ্রহণ কৰিব । ইফালে নিৰ্বাচন আয়োগৰ দলটোক আদৰণি জনোৱাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । ঢোলে-ডগৰে আদৰণি জনোৱা হ’ব দলটোক । উল্লেখ্য যে খচৰা সন্দৰ্ভত আয়োগে ওজৰ-আপত্তি আৰু পৰামৰ্শৰ ৫০০ আবেদন লাভ কৰিছে ।

লগতে পঢ়ক : CM changed social media Bio : মুখ্যমন্ত্ৰীয়ে সলনি কৰিলে সামাজিক মাধ্যমৰ বায়’