Local, Vocal, Global

বিজেপিৰ চূণ-তেল সনা পঞ্চতাৰকা সদৃশ কাৰ্যালয়ত বুলডজাৰ চলাব কংগ্ৰেছে

নিউজ ডেস্ক: ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মহা-বিস্ফোৰণ ঘটায়। শাসনাধিষ্ঠ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ সভাপতিগৰাকীয়ে আনিলে মাটি দখলৰ মহা অভিযোগ। বৰাৰ অভিযোগ মতে, বান নিয়ন্ত্ৰণৰ বাবে আৱণ্টিত মাটি অবৈধ ভাৱে অধিগ্ৰহণ কৰি পঞ্চতাৰকা প্ৰসাদোপম অট্টালিকা সদৃশ কাৰ্য্যালয় নিৰ্মাণ কৰিছে শাসকীয় বিজেপিয়ে। আজি ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা এখন সংবাদমেল পাতি বিজেপিৰ গণতন্ত্ৰ কেৱল মুখত মাত্ৰ, কংগ্ৰেছত গণতান্ত্ৰীক বিচাৰধাৰা ঐতাহাসিক ভাৱেই আছে বুলি কয়। প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই কয় যে মহামানৱ মহাত্মা গান্ধীয়ো নেতাজী, সুভাস চন্দ্ৰ বসুৰ বিৰূদ্ধে অৱতীৰ্ণ হৈছিল৷ কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনত, ছোনীয়া গান্ধীয়ো জীতেন প্ৰসাদৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈ কংগ্ৰেছৰ সভানেত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ভাষ্য অনুসৰি কংগ্ৰেছৰ আভ্যন্তৰীণ গণতন্ত্ৰ বিজেপিৰ তুলনাত অধিক শক্তিশালী।

প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ ভাষ্য অনুসৰি বিজেপিৰ সভাপতি নিৰ্বাচন গণতান্ত্ৰিক নহয়৷ ২জন ব্যক্তিৰ ইচ্ছা অনুসৰি বিজেপিত হয় সভাপতি নিৰ্বাচন। ইয়াৰ সমান্তৰালভাৱে প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে নৱনিৰ্মিত বিজেপি কাৰ্য্যালয় সন্দৰ্ভত টিপ্পনী কৰি কয় যে অসমৰ বান সমস্যা ৰোধ কৰিবলৈ প্ৰতিষ্ঠা কৰিব লগীয়া বান নিয়ন্ত্ৰণ কেন্দ্ৰৰ বাবে আৱণ্টিত মাটিত অফিচ খুলিছে বিজেপিয়ে৷