Local, Vocal, Global

Congress’s Gourav Vallabh resigns : কংগ্ৰেছ নেতা গৌৰৱ বল্লভৰ পদত্যাগ;অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ লিখিলে পদত্যাগ পত্ৰ

নেশ্যনেল ডেস্ক,৪মাৰ্চ : নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত খহনীয়া অব্যাহত। কংগ্ৰেছ নেতা গৌৰৱ বল্লভৰ পদত্যাগ। অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ লিখিলে পদত্যাগ পত্ৰ। কংগ্ৰেছৰ মুখপাত্ৰ পদতো আছিল গৌৰৱ বল্লভ(Congress’s Gourav Vallabh resigns)।

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত খহনীয়া অব্যাহত ।এইবাৰ কংগ্ৰেছ নেতা গৌৰৱ বল্লভৰ পদত্যাগ।

আজি কংগ্ৰেছ নেতা গৌৰৱ বল্লভে কংগ্ৰেছ দল ত্যাগ কৰে। অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ লিখিলে পদত্যাগ পত্ৰ।

গৌৰৱ বল্লভে দলৰ পৰা পদত্যাগ কৰি কয় যে তেওঁ সনাতম বিৰোধী শ্লোগান দিব নোৱাৰে। এনে অৱস্থাত দলত থকা কঠিন।

লগতে গৌৰৱ বল্লভে ছচিয়েল মিডিয়া এক্সত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰৰ ফটো শ্বেয়াৰ কৰি লিখিছে, আজি কংগ্ৰেছ দল যি দিশহীনভাৱে আগবাঢ়িছে, তাত মই সহজ অনুভৱ কৰিব পৰা নাই। মই সনাতন বিৰোধী শ্লোগান দিব নোৱাৰো, পুৱা-গধূলি দেশৰ ৱেল্থ ক্ৰিয়েটৰ্ছক গালি দিব নোৱাৰো। সেইবাবেই মই মই কংগ্ৰেছ দলৰ সকলো পদ আৰু প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছো(Congress spokesperson Gourav Vallabh quits party ahead of Lok Sabha polls)।

লগতে পঢ়ক : Car Bursts Into Flames at GS Road : ৰাজপথত দপদপাই জ্বলি উঠিল ছুইফট ডিজায়াৰ বাহন