Local, Vocal, Global

WATCH | Congress Spoke person Reetom Singh arrested : সাংসদ গৌৰৱ গগৈৰ সন্মুখতে গ্ৰেপ্তাৰ ঋতম সিঙক

নিউজ ডেস্ক,১৫মাৰ্চ : কংগ্রেছ মুখপাত্র ঋতম সিঙক চোঁচৰাই লৈ গ’ল আৰক্ষীয়ে। গ্ৰেপ্তাৰ সময়ত ঋতম সিঙৰ বাসগৃহত উপস্থিত আছিল সাংসদ গৌৰৱ গগৈ

গৌৰৱ গগৈয়ে গ্ৰেপ্তাৰৰ বিৰোধিতাৰে প্ৰশ্ন অসম আৰক্ষীক…’সাংসদ ৰকিবুল হুছেইনক,দেহৰক্ষীক দিনদুপৰতে আক্ৰমণ কৰিলে’

‘আজিলৈ ১০জন অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে অসম আৰক্ষীয়ে’। ‘অসম আৰক্ষীয়ে নিজৰ ৰেকড বেয়া কৰি আছে এনেদৰে’। ‘অসম আৰক্ষীক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে হিমন্ত
বিশ্ব শৰ্মাই’।

কংগ্ৰেছৰ মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ঋতম সিঙক অসম আৰক্ষীৰ এটা দলে আজি গুৱাহাটীৰ বাসগৃহৰ পৰাই আৰক্ষীয়ে যুদ্ধ সদৃশ এক পৰিস্থিতিৰ মাজেৰে গ্ৰেপ্তাৰ কৰে
গ্ৰেপ্তাৰ পূৰ্বে ঋতম সিঙে নিজৰ টুইটাৰত পোষ্ট কৰিছিল । পোষ্টত কৈছিল যে অসম আৰক্ষীৰ ওচৰত গ্ৰেপ্তাৰৰ কোনে ৱাৰেন্ট নাই(Congress Spoke person Reetom Singh arrested) ।

এতিয়া প্ৰশ্ন হৈ যে সঁচাকৈয়ে ৱাৰেন্ট নথকাকৈয়ে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নেকি ঋতম সিঙক?

লখিমপুৰ আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত লখিমপুৰৰ পৰা অহা এটা আৰক্ষীৰ দলে পল্টন বজাৰ আৰক্ষীৰ সহযোগত ঋতমক তেওঁৰ উলুবাৰীস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।
অভিযোগ অনুসৰি কংগ্ৰেছ নেতাগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে চৰকাৰৰ বিৰোধিতা কৰি পোষ্ট কৰিছিল।

অভিযোগ অনুসৰি কংগ্ৰেছ মুখপাত্ৰগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ১৩ মাৰ্চ, ২০২৫ ত বিধায়ক মানৱ ডেকাৰ বশিষ্ঠ আৰক্ষী থানাৰ এটা গোচৰৰ কথা সোঁৱৰাই সামাজিক মাধ্যম পোষ্ট কৰিছিল

লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ প্ৰসংগত কিছু আপত্তিজনক মন্তব্য কৰিছিল। তাৰ পাছতেই মানৱ ডেকাৰ পত্নীৰ পৰিয়ালে ঋতম সিঙৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষী থানাত ৯১/২০২৫ নম্বৰত ৰুজু কৰে এক গোচৰ।

এই গোচৰতে তেওঁক আইনৰ U/S-356(2) of BNS R/W Sec 67 IT Act, 2000 R/W Sec 3(1) (r)/3(1)(s)/3(1)(u)/3(1)(v) of SC/ST Act, 1989 ধাৰাত আজি গ্ৰেপ্তাৰ কৰা হৈছে।

ইফালে ঋতম সিঙক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁৰ বাসগৃহত আৰক্ষী প্ৰবেশ কৰাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

কংগ্ৰেছ কৰ্মীসকলে সাংসদ গৌৰৱ গগৈৰ সৈতে ঋতম সিঙক কিয় গ্ৰেপ্তাৰ কৰিবলৈ আহিছে সেই বিষয়ে নানান প্ৰশ্ন কৰি তেওঁৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰে। তাৰ মাজতে আৰক্ষীয়ে ঋতম সিঙক তেওঁৰ বাসগৃহৰ পৰাই চোচৰাই টানি লৈ যায়।

সেই গোচৰৰ ভিত্তিতে আজি তেওঁক গ্ৰেপ্তাৰ কৰা হয়।ইফালে সাংসদ গৌৰৱ গগৈ ঋতম সিঙৰ বাসগৃহত উপস্থিত হৈ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সমালোচনা কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ বৰ্তমান অসমত আছে আৰু তেওঁ এখন আৰক্ষী একাডেমী উদ্বোধন কৰিছে। মই তেওঁক সুধিব বিচাৰোঁ, তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত আৰক্ষীক কৰা অপব্যৱহাৰৰ বিষয়ে জানে নে? গৃহমন্ত্ৰী অমিত শ্বাহে জানেনে কেইদিনমানৰ আগতে বিজেপিৰ দুৰ্বৃত্তই দুজন অসম আৰক্ষী কনিষ্টবলক দিনদুপৰতে নির্মমভাৱে প্ৰহাৰ কৰিছিল আৰু এতিয়াও তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই?

তেওঁ অভিযোগ কৰি কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰক্ষীক বেআইনী কাৰ্যকলাপ কৰিবলৈ বাধ্য কৰিছে। ৰাজনৈতিক স্বার্থৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক ব্যৱহাৰ কৰাৰো অভিযোগ কৰে সাংসদগৰাকীয়ে।

লগতে পঢ়ক :WATCH | Guwahati News : এইবাৰ গাড়ী চুৰিত নামিল সুন্দৰী যুৱতী