Local, Vocal, Global

WATCH | Congress Protest: মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে সোণাৰিত জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

সোণাৰি,২৩মাৰ্চ : চৰাইদেউ জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। বিধান সভাৰ মজিয়াত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভব্য আচৰণৰ বিৰুদ্ধে আজি সোণাৰি নগৰৰ মাজমজিয়াত জিলা কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কপাঁই তোলে প্ৰতিবাদকাৰীয়ে। মুখ্যমন্ত্ৰীয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলি ৰূপজ্যোতি কুৰ্মীক বিধানসভাৰ মজিয়াৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনাই।

অসম বিধান সভাৰ প্ৰবিত্ৰ মজিয়াত উদণ্ডভাৱে অভব্য আচৰণ কৰি বিৰোধী বিধায়কক চোচা লোৱা কাৰ্যৰ গৰিহণা জনাই জিলা কংগ্ৰেছৰ প্ৰতিবাদকাৰীৰ। ৰূপজ্যোতি কুৰ্মীক মুখ্যমন্ত্ৰীয়ে শাস্তী দিয়াৰ সলনি এক জাতিগত ৰং হানি ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে জিলা কংগ্ৰেছে(Congress Protest)।

লগতে পঢ়ক : WATCH | Justice Yashwant Verma : দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাসগৃহত উদ্ধাৰ ধন