Local, Vocal, Global

WATCH | Congress Protest : কংগ্ৰেছ কৰ্মীক দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰা ঘটনাৰ ন্যায় বিচাৰি জিলা সদৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ধেমাজি,২০মাৰ্চ : কংগ্ৰেছ কৰ্মীক দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰা ঘটনাৰ ন্যায় বিচাৰি জিলা সদৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ।

এদিন পূৰ্বে কংগ্ৰেছ দলৰ এটি সজাতি দল মেচাকিৰ এখন সভাত অংশ গ্ৰহন কৰিবলৈ গৈ থকা অৱস্থাত ৰামধন ধিকাৰী বগৰি চাপৰিত দুৰ্বৃত্তই কংগ্ৰেছ দলৰ দুখন গাড়ীত আক্ৰমণ কৰা লগতে সজাতি দলটোৰ ৫জন লোকক আক্ৰমণ কৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল(Congress Protest)।

ইফালে দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা দলটো আজিও চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

কোনে কি উদেশ্য বা কি কাৰণত কংগ্ৰেছৰ সজাতি দলটোক আক্ৰমণ কৰিছিল জানিব পৰা হোৱা নাই যদিও ঘটনা সন্দৰ্ভত এদিন পূৰ্বে অৰ্থাৎ যোৱা ১৮ মাৰ্চ তাৰিখে চিমেণ্ট চাপৰি আৰক্ষীক এজাহাৰ প্ৰদান কৰিছিল ভুক্তভোগী সজাতি দলটোৱে ।

ঘটনা ২৪ ঘণ্টা উকলি যোৱা পিছতো আৰক্ষীয়ে কোনো এজন দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম নোহোৱাত জিলা সদৰত কংগ্ৰেছ কৰ্মী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মী সকলৰ দাবী অতি সোনকালে দুৰ্বৃত্তৰ দল টোক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ।

লগতে পঢক :WATCH | Bilasipara News : বিলাসীপাৰাত দালালৰ দপদপনি