WATCH | Congress party protests in Bishwanath : বিশ্বনাথত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
বিশ্বনাথ,২২ফেব্ৰুৱাৰী : সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ বিৰুদ্ধে বিশ্বনাথ নগৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ।
নগাঁওৰ ৰূপহীত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে বিশ্বনাথত কংগ্ৰেছৰ প্ৰতিবাদ। বিশ্বনাথৰ ৰাজীৱ ভৱনৰ প্ৰাংগনৰ পৰা জিলা সভাপতি দিলীপ বৰুৱাৰ নেতৃত্বত একাংশ কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদী সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত উপস্থিত হৈ আয়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰদান কৰে(Congress party protests in Bishwanath)।
উল্লেখ্য যে বৃহস্পতিবাৰে সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি একাংশ কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।