Local, Vocal, Global

WATCH | Congress MP Attacked in Rupahihat: সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ;ক্ৰিকেট বেটেৰে আক্ৰমণ সাংসদগৰাকীক

নিউজ ডেস্ক,২০ফেব্ৰুৱাৰী : নগাঁৱৰ ৰূপহীত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ। ৰাজপথত আক্ৰমণ ধুবুৰীৰ সাংসদ তথা চামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনক।

খবৰ অনুসৰি, ৰূপহীৰ গুণাবাৰীত এখন সভালৈ গৈছিল ৰকিবুল হুছেইন।সেই সময়তে দুৰ্বৃত্তই আক্ৰমন কৰে সাংসদগৰাকীক। আক্ৰমণৰ সময়ত সাংসদ ৰকিবুল হুছেইনৰ লগত আছিল পুত্ৰ তানজিল হুছেইন আৰু ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদা( Congress MP Attacked in Rupahihat)।

স্কুটীৰে সভালৈ গৈ থকাৰ সময়তে একাংশই প্ৰহাৰ কৰে সাংসদগৰাকীক। ৰকিবুল হুছেইনৰ লগতে তেওঁৰ দেহৰক্ষীকো আক্ৰমণ কৰে দুৰ্বৃত্তই। আক্ৰমণকাৰীৰ হাতৰ পৰা পলাবলৈ লওঁতে স্কুটীৰ পৰা ৰাজপথত পৰি যায় ৰকিবুল হুছেইন।

লগতে পঢ়ক :WATCH | Massive fire breaks out in Jorhat: ভয়ংকৰ অগ্নিকাণ্ড;ভস্মীভূত কোটি টকাৰ সামগ্ৰীৰ