কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক গুজৰাটৰ পৰা গ্ৰেপ্তাৰ অসম আৰক্ষীৰ
নিউজ ডেস্ক, ২১ এপ্ৰিলঃ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। বুধবাৰে নিশা অসম আৰক্ষীৰ এটা দলে কংগ্ৰেছ নেতাজনক পালনপুৰ চাৰ্কিট হাউচৰ পৰা গ্ৰেপ্তাৰ কৰে।
গুজৰাটৰ ভাদগাম সমষ্টিৰ কংগ্ৰেছ বিধায়ক আছিল জিগনেশ মেৱানী। অসম আৰক্ষীয়ে পালানপুৰৰ পৰা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰি আহমেদাবাদলৈ প্ৰেৰণ কৰে।
আজি কংগ্ৰেছ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰি বিমানযোগে লৈ অনা হয় গুৱাহাটীলৈ। ইয়াৰ পিছতেই অসম আৰক্ষীয়ে বৰঝাৰ বিমানবন্দৰৰ পৰা কোকৰাঝাৰলৈ লৈ যোৱা হয়।
উল্লেখ্য যে, এটা বিতৰ্কিত টুইটৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছ নেতাগৰাকীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে এক টুইট কৰিছিল মেৱানীয়ে।