বিজেপি চৰকাৰক লৈ গৰজি উঠিল দৰং জিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী ৰিজুমনি তালুকদাৰ
গুৱাহাটী: কিছুদিন ধৰি গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈ সম্প্ৰতি ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। পাকিস্তানী ISI এজেন্টৰ লগত লিংক থকা বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে অভিযোগ আনিছিল।
ইয়াক লৈ বিৰোধীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাসংদ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত বহু মন্তব্য কৰা পৰিলক্ষিত হৈছে।
শেহতীয়াকৈ দৰং জিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী ৰিজুমনি তালুকদাৰে MY NEWSNE ৰ আগত কয় যে ”অসমত এতিয়া একো সমস্যাই নাই,এটাই সমস্যা সেইটো হ’ল সাংসদ গৌৰৱ গগৈৰ পত্নী’। ‘অসমৰ জনতাই সকলো কথা বুজি উঠিছে’। ‘এই সকলোবোৰ কথাৰ উত্তৰ ৰাইজে ২৬ৰ নিৰ্বাচনত দিব’ । কেৱল এইয়াই নহয় জাপান আৰু ছিংগাপুৰুত মুখ্যমন্ত্ৰীয়ে অসমৰ যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়াক লৈও মন্তব্য কৰে। শেহতীয়াকৈ সৰ্ব ভাৰতীয় কংগ্ৰেছৰ সম্পাদক মনোজ চৌহানে অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাই আৰু ছিংগাপুৰুৰ শ্বপিং মল আৰু হোটেলত অসমৰ টকা বিনিয়োগ কৰা সন্দৰ্ভতো মন্তব্য কৰে উপ-সভানেত্ৰী ৰিজুমনি তালুকদাৰে ।