Local, Vocal, Global

Congress leader Rahul Gandhi and Priyanka Gandhi Vadra arrive in Kerala : ৱায়নাডত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী

নিউজ ডেস্ক,১আগষ্ট : ৱায়নাডত উপস্থিত কংগ্ৰেছ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী।

মঙলবাৰে ৱায়নাডত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ পাছত বুধবাৰেই ৰাহুল গান্ধী যোৱাৰ কথা আছিল যদিও বুধবাৰে ধাৰাষাৰ হৈ থকাৰ ফলত সেয়া সম্ভৱ নোহোৱাত ৰাহুল আৰু প্ৰিয়ংকা বৰষুণৰ মাজতেই আজি গৈ সেই স্থানত উপস্থিত হয়( Rahul Gandhi, Priyanka Gandhi visit Wayanad)।

ভূমিস্খলনৰ পাছতেই ৰাহুল গান্ধীয়ে কথা দিছিল যিমান পাৰি সোনকালে তেওঁ সেই স্থানত গৈ উপস্থিত হ’ব আৰু আজি কথা মতে ৱায়নাডত উপস্থিত হয়। আজি বান আৰু ভূমিস্খলনত বিধ্বস্ত ৱায়নাডত সকলো প্ৰত্যাহ্বান আঁতৰাই ৰাহুল-প্ৰিয়ংকা উপস্থিত হোৱাৰ পিছতে ক্ষতিগ্ৰস্ত লোকসকলৰ কাষলৈ যায়।

বৰষুণ আৰু ভূমিস্খলনৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত চাৰিখন গাঁৱৰ অন্যতম চুৰালমালালৈ গৈ ৰাহুলে প্ৰকৃতিয়ে কিদৰে তাণ্ডৱ চলাইছে সেয়া স্বচক্ষে প্ৰত্যক্ষ কৰে। লগতে ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে কথা-বতৰা পতাৰ উপৰিও উদ্ধাৰ কাৰ্যৰ বুজ ল’বলৈ সেই স্থানত থকা প্ৰশাসনিক বিষয়াৰ সৈতেও আলোচনাত মিলিত হয়(Congress leader Rahul Gandhi and Priyanka Gandhi Vadra arrive in Kerala)।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : মঙলদৈত ড্ৰাগছসহ আটক সৰবৰাহকাৰী